নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ ঘাইপথৰ ৬০ কিলোমিটাৰ দূৰত্বৰ ভিতৰত মাত্র এখনেই ট’ল প্লাজা থাকিব৷ যদি ক’ৰবাত দ্বিতীয়খন ট’ল প্লাজা আছে তাক পৰৱর্তী তিনি মাহৰ ভিতৰত বন্ধ কৰি দিয়া হ’ব৷ এই ঘোষণা কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথমন্ত্রী নীতিন গাডকাৰীৰ৷ মঙলবাৰে ৰাজ্যসভাত কেন্দ্রীয় মন্ত্রী গাডকাৰীয়ে এই ঘোষণাৰ লগতে ট’ল প্লাজাৰ সমীপত বাস কৰা লোকসকলক আধাৰ কার্ডৰ অধীনত পাছ প্রদান কৰিব৷ অর্থাৎ যিসকল স্থায়ী বাসিন্দাৰ আধাৰ কার্ড আছে তেওঁলোকক পাছ দিয়া হ’ব৷ তদুপৰি পৰৱর্তী দুই বছৰৰ ভিতৰত সেউজ বাহনৰ প্রচলন অধিক কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব বুলিও মন্ত্রীগৰাকীয়ে উচ্চ সদনত মন্তব্য কৰে৷ দেশে প্রযুক্তিৰ ক্ষেত্রত আগবাঢ়ি গৈ থকাৰ লগতে সেউজ ইন্ধনে বৈদ্যুতিক যান–বাহনৰ ব্যয় হ্রাস কৰিব বুলিও কয় মন্ত্রীগৰাকীয়ে৷