নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী বিধানসভা নির্বাচনত বিজেপিৰ ৪০ গৰাকী তাৰকা প্রচাৰকে চলাব প্ৰচাৰ

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ দিল্লী বিধানসভা নির্বাচনৰ প্রচাৰৰ বাবে বিজেপিয়ে ৪০গৰাকী তাৰকা প্রচাৰকৰ তালিকা মুকলি কৰিছে৷

বিজেপিৰ প্রার্থীসকলৰ হৈ সকলোৰে বাবে গুৰুত্বপূর্ণ দেশৰ ৰাজধানী দিল্লীৰ নির্বাচনত প্রচাৰ চলাব এই তাৰকা প্রচাৰকসকলে৷ তাৰকা প্রচাৰকসকলৰ ভিতৰত প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ উপৰি কেইবাগৰাকীও চিত্রতাৰকাও আছে৷

হেমা মালিনী, ছানী দেউলৰ উপৰি কেইবাগৰাকীও ভোজপুৰী ছবিৰ অভিনেতায়ো বিজেপিৰ হৈ প্রচাৰ চলাব দিল্লীত৷ দিল্লীত বিজেপি, জেডি(ইউ) আৰু এলজেপিয়ে মিত্রতাৰে প্রতিদ্বন্দ্বিতা কৰিছে৷

You might also like