নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ ‘বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ সৰু–বৰ সকলো জাতি–জনগোষ্ঠীৰ ভাষা–সাহিত্য–সংস্কৃত্ সমবিকাশৰ মাজেৰেহে এখন সমৃদ্ধিশালী সমন্বয়ৰ অসম গঢ়াটো সম্ভৱ৷ এনে সার্বজনীন চিন্তাৰে আমাৰ চৰকাৰে কাম কৰি আহিছে৷’ –এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ ৷ ২০ জানুৱাৰীৰ পৰা ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ দাউহাৰু ক্ষেত্রত তিনিদিনীয়া কার্যসূচীৰে অনুষ্ঠিত বড়ো সাহিত্য সভাৰ অন্তিম দিনাৰ মুকলি সভাত মুখ্য অতিথি ৰূপে ভাগ লৈ মুখ্যমন্ত্রী সোণোৱালে কয় যে শংকৰ–মাধৱে সৃষ্টিৰাজিৰ মাজেৰে অসমৰ সমাজ জীৱনক উজ্জীৱিত কৰিছে, তেনে সাহিত্য সৃষ্টিত নতুন চাম লেখক–সাহিত্যিকে মনোনিৱেশ কৰা উচিত ৷ কিয়নো ভাল সাহিত্যই সদায় এটা সমৃদ্ধিশালী জাতি, এখন সুন্দৰ সমাজ নির্মাণত অৰিহণা যোগাব পাৰে৷ মানুহৰ মাজত সমন্বয়–সম্প্রীতিৰ ধাৰা শক্তিশালী কৰিব পৰা সাহিত্য সৃষ্টিত গুৰুত্ব আৰোপ কৰি তেওঁ লগতে কয় যে অসমখনক আগুৱাই নিবলৈ হ’লে ভাষা– সাহিত্য–সংস্কৃতিৰ লগতে বিজ্ঞান, প্রযুক্তি, কৃষি, ক্রীডা, পর্যটন ইত্যাদি সকলো দিশৰে উন্নয়নত গুৰুত্ব দিব লাগিব ৷ বড়ো সাহিত্য সভাই জাতিটোৰ ভাষা–সাহিত্যৰ উত্তৰণৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি অহা বুলি উল্লখ কৰি তেওঁ বডো জাতিটোক এটা শৃংখলাবদ্ধ জাতি বুলি প্রশংসা কৰে ৷ বড়ো জাতিটোৱে এদিন বিশ্বৰ দৰবাৰত প্রতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰি সোণোৱালে আৰু কয় যে বড়ো জনগোষ্ঠীৰ লগতে অসমৰ সকলো খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ উন্নয়নৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰ দায়বদ্ধ ৷ কংগ্রেছে ৫৫ বছৰে শাসনত থাকি খিলঞ্জীয়াৰ ভাষা–সাহিত্যৰ বিকাশৰ কাম নকৰিলে বুলিও তেওঁ কংগ্রেছক চোকা সমালোচনা কৰে ৷ বিজেপি নেতৃত্বাধীন চৰকাৰখনে সদায়ে অসমীয়া জাতিৰ স্বাভিমান ৰক্ষাৰ বাবে কাম কৰি যাব ৷ অসম নামৰ এই ভূখণ্ড সদায় খিলঞ্জীয়াৰ হাতত সুৰক্ষিত হৈ থাকিব ৷ অপশক্তিবোৰৰ সৈতে ভাৰতীয় জনতা পার্টীয়ে কোনোপধ্যে আপোচ নকৰে ৷ –তেওঁ কয় ৷ নাতিদীর্ঘ ভাষণ প্রসংগত তেওঁ হাগ্রামা মহিলাৰীৰ শাসনকালত উন্নয়নৰ মাজেৰে বিটিচি অঞ্চলত শান্তি ঘূৰি অহা বুলিও মন্তব্য কৰে ৷ এই মুকলি সভাতে মুখ্যমন্ত্রী সোণোৱালে বড়ো সাহিত্য সভাই এক্সিছ কোম্পানীৰ সহযোগত ডিজিটেল মাধ্যমত বড়ো ভাষা শিকা আৰু জনপ্রিয় কৰাৰ বাবে প্রস্তুত কৰা ‘ই–থুংলাই’ এপছ মুকলি কৰে ৷ নিজ বক্তব্যত মুখ্যমন্ত্রীয়ে অতি সোনকালে বড়ো ৰাইজে ভাল খবৰ পাব বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে ৷ বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি ৰূপে অংশ লৈ হাগ্রামা মহিলাৰীয়ে বড়ো ভাষা–সাহিত্য–সংস্কৃতি বিকাশৰ বাবে পাঁচ কোটি টকাৰ অনুদান আগবঢ়োৱা বাবে সোণোৱাল চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ৷ পৃথক ৰাজ্যৰ চর্ত বাদ দি বড়োসকলৰ মৌলিক সমস্যা পূৰণৰ বাবে ইউ টি চি গঠন সন্দর্ভত এন ডি এফ বিৰে শীঘ্রে ভাৰত চৰকাৰৰ সৈতে চুক্তি সম্পাদন কৰাৰ সিদ্ধান্ত চূড়ান্ত হোৱা বুলি উল্লেখ কৰি মহিলাৰীয়ে এই চুক্তিক এবছুও আদৰণি জনাব বুলি আশা ব্যক্ত কৰে ৷ এই চুক্তিত দিল্লী বিশ্ববিদ্যালয় আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত বড়ো ভাষাৰ বিষয় অন্তর্ভুক্ত কৰাৰ চর্ত আৰোপ কৰা হ’ব বুলিও মহিলাৰীয়ে ভাষণ প্রসংগত উল্লেখ কৰে ৷