তিনি শ্বহীদৰ স্মৃতিত বজালী জিলা যুৱ মৰ্চাৰ স্বচ্চতা অভিযান
নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ আজি ভাৰতীয় জনতা যুৱ মৰ্চাৰ বজালী জিলা সমিতিৰ উদ্যোগত তথা ভৱানীপুৰ যুৱ মৰ্চা আৰু উত্তৰ ভৱানীপুৰ যুৱ মৰ্চাৰ সহযোগত ভাৰত মাতৃৰ সাহসী সন্তান, তিনি বীৰ শ্বহীদ ক্ৰমে ভগত সিং, ৰাজগুৰু আৰু সুখদেৱৰ মৃত্যু তিথিক স্মৰণ কৰি অসম আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সমাধি ক্ষেত্ৰত এক “স্বচ্চতা অভিযান” কাৰ্য্যসূচী ৰূপায়ন কৰে৷ এই স্বচ্ছতা অভিযান কাৰ্য্যসূচীত উপস্থিত থাকি বজালী জিলা যুৱ মৰ্চাৰ সভাপতি চম্পক কাকতি, ভৱানীপুৰ আৰু উত্তৰ ভৱানীপুৰ মণ্ডল যুৱ মৰ্চাৰ সভাপতি ক্ৰমে গৌতম কলিতা, হিমাংশু কলিতা, মণ্ডল সভাপতি সনজিৎ নাথ সমন্বিতে যুৱ কাৰ্য্যকৰ্তাসকলে দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ স্মৃতিচাৰণ কৰি এখন সুস্থ-সবল ভাৰতবৰ্ষৰ স্বাৰ্থত সকলোকে স্বচ্চতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়৷
প্ৰেৰক কল্যাণ কলিতা