ইউক্রেইনৰ আকাশ-বতাহত পচা মৃতদেহৰ গোন্ধ, নিহত সৈনিকৰ দেহ ওভোতাই নিয়াৰ অনিচ্ছা পুটিনৰ
বিশেষ বাৰ্তা, ২৪ মাৰ্চঃ ইউক্রেইনৰ আকাশ-বতাহত বিয়পিছে মাত্ৰ মৃতদেহৰ পচা দুর্গন্ধ। মৃতদেহত চিলনী-শগুনে থপিয়াইছে। যুদ্ধবিধ্বস্ত ইউক্রেইনৰ ঘাটে-বাটে এই ছবি সুলভ। স্থানীয় সংবাদ মাধ্যমে জনাইছে যে, পথে-ঘাটে পৰি থকা মৃতদেহবোৰৰ বেছিভাগেই যুদ্ধ কৰিবলৈ অহা ৰুছ সেনাৰ। কিন্তু মস্কোৱে এতিয়াও যুদ্ধত তেওঁলোকৰ পক্ষত হোৱা ক্ষয়-ক্ষতিৰ আনুষ্ঠানিক খতিয়ান দিয়া নাই। নাটো আৰু আমেৰিকাৰ পৰা পোৱা তথ্য বিশ্লেষণ কৰি সংবাদ মাধ্যম চি এন এনে জনাইছে যে, ইউক্রেইনৰ পথত নিহত ৰুছ সেনাৰ সংখ্যা ৩ হাজাৰৰ পৰা ১০ হাজাৰৰ ভিতৰত হ’ব। ইপিনে, ইউক্রেইন চৰকাৰৰ দাবী যে ইউক্রেইনত কমেও মৃত্যু হৈছে ১৫ হাজাৰ ৰুছ সেনাৰ। তাৰে সৰহভাগৰে মৃতদেহ ওভতাই নিবলৈ বিচৰা নাই ৰাছিয়াই। সেই সমূহ পৰি ৰৈছে ৰাস্তাই ঘাটে। বিগত ২৪ ফেব্রুৱাৰীৰ পৰা প্ৰায় ডেৰ লাখ ৰুছ সেনা লৈ ইউক্রেইন আক্ৰমণ আৰম্ভ কৰিছে মস্কোৱে। ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে ৰুছ ৰাষ্ট্ৰপতি পুটিনক কটাক্ষ কৰি কৈছে যে- নিজৰ লগত একোটাকৈ সমাধিকক্ষ আনিছে। আচলতে পুটিনে নিহত সেনাৰ দেহ তেওঁলোকৰ ঘৰৰ মানুহৰ কাষ পাবলৈ দিব নিবিচাৰে। আচলতে মৃত্যুৰ খবৰ নিহত সৈনিকসকলৰ মাকক জনোৱাৰ সাহসেই নাই পুটিনৰ।