ক’ভিডৰ চতুৰ্থ ঢৌৰ উকমুকনি, জুনত বেয়া হ’ব পৰিস্থিতি
বিশেষ বাৰ্তা, ২৪ মাৰ্চঃ বিশ্বব্যাপি পুনৰ ক’ভিড-১৯ৰ আশংকা। ইউৰোপৰ বৃহৎ অংশ, ব্ৰিটেইন, আমেৰিকা, চীন, হংকঙত সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি পোৱাৰ পাছত ভাৰততো চতুৰ্থ ঢৌ উঠিব নেকি, তাৰেই আশংকা কৰা হৈছে। যদিও বৰ্তমানে দেশত ক’ভিডৰ সংক্ৰমণ আৰু আক্ৰান্তৰ সংখ্যা নিয়ন্ত্ৰণত আছে, তাৰ পাছতো বিশেষজ্ঞই আশংকা কৰিছে যে অহা জুন মাহৰ মাজভাগত ক’ভিড১৯ ৰ চতুৰ্থ ঢৌ উঠিব দেশত। উল্লেখণীয় যে, ৪০ নিযুত আক্ৰান্ত হোৱাৰ সংখ্যাৰে আমেৰিকাৰ পাছত ভাৰততে সৰ্বাধিক ক’ভিড আক্ৰান্ত হৈছে। ব্ৰিটেইন, আমেৰিকা, চীন, ইউৰোপৰ ঠাই বিশেষে নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা দুগুণতকৈ বেছি হৈছে। চীনত পৰিস্থিতি অধিক জটিল হৈছে। দেশখনত ভ্ৰমণত নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু ২০খনতকৈও অধিক প্ৰদেশ তথা চহৰত লকডাউন দিয়া হৈছে।