নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১.৩ কোটি টকাৰ সম্পত্তি বাঢ়িল কেজৰিৱালৰ

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ মঙলবাৰে দিল্লী বিধানসভা নির্বাচনৰ বাবে মনোনয়ন দাখিলৰ সময়ত ৰাজ্যখনৰ মুখ্যমন্ত্রী তথা আম আদমী পার্টী (আপ)ৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে শপতনামাত নিজৰ সম্পত্তিৰ তথ্য ঘোষণা কৰিছে৷

২০১৫ৰ পৰা আপ মুৰব্বীগৰাকীৰ সম্পদ বৃদ্ধি পাইছে ১.৩ কোটি টকা৷ শপতনামাত ঘোষণা কৰা অনুসৰি, কেজৰিৱালৰ স্থাৱৰ–স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৩.৪ কোটি টকা৷ ২০১৫ত কেজৰিৱালৰ সম্পদৰ মূল্য আছিল ২.১ কোটি টকা৷

শপতনামাত উল্লেখ কৰা অনুসৰি, এই সময়ছোৱাত কেজৰিৱালৰ পত্নী সুনীতাৰ নগদ তথা ফিক্সড ডিপ’জিট বৃদ্ধি পাইছে ১৫ লাখৰ পৰা ৫৭ লাখলৈ৷ উল্লেখনীয় যে চাকৰিৰ পৰা স্বেচ্ছাই অৱসৰ গ্রহণৰ সময়ত সুনীতাই ৩২ লাখ টকা নগদ লাভ কৰিছিল৷ আগন্তুক ৮ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব দিল্লী বিধানসভা নির্বাচন৷

You might also like