কলিয়াবৰ ৰাজহ চক্ৰত মিছন বসুন্ধৰাৰ আবেদন নিষ্পত্তিৰ ব্যৱস্থা
নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কুঁৱৰীটোলত আজি মিছন বসুন্ধৰাত আবেদন কৰা আবেদনকাৰীসকলৰ উপস্থিতিত আবেদনসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হয়। মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস, চক্ৰ বিষয়া নিতিশা বৰা, সহযোগী চক্ৰ বিষয়া ৰাজনিশান শৰ্মাকে ধৰি লাট মণ্ডল আৰু গাঁও প্ৰধান সকলৰ উপস্থিতিত ভূমি বাটোৱাৰা গোচৰসমূহ নিষ্পত্তি কৰা হয়। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সেৱা সমূহ জনসাধাৰণৰ বাবে সহজলভ্য কৰাৰ অভিলাসী অভিযান “মিছন বসুন্ধৰা” ত কলিয়াবৰত মুঠ আবেদনকাৰীৰ সংখ্যা আছিল ৮৪০০ ৰো অধিক। ইয়াৰে প্ৰায় ৫২ শতাংশ গোচৰ ইতিমধ্যে নিষ্পত্তি পৰিছে কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত।
প্ৰেৰক কনক হাজৰিকা