নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ বৈবাহিক সম্পর্কত বলপূর্বক যৌনতা ধর্ষণৰ ঘটনা হয় নে নহয়, তাক লৈ বিতর্ক চলি আছে৷ বর্তমান দিল্লী উচ্চ ন্যায়ালয়ত এই সম্পর্কত এটা গোচৰ চলি থকাৰ সময়তে কর্ণাটক উচ্চ ন্যায়ালয়ে কালি বিষয়টোক লৈ যুগান্তকাৰী এক নির্দেশনা দিছে৷ এই নির্দেশনাত উল্লেখ কৰা হৈছে যে ধর্ষণ ধর্ষণেই, স্বামীৰ দ্বাৰা হ’লেও সেয়া ধর্ষণৰে ঘটনা৷
স্মর্তব্য যে এগৰাকী মহিলাই স্বামীৰ বিৰুদ্ধে বলপূর্বক অপ্রাকৃতিক যৌন আচৰণৰ বিৰুদ্ধে গোচৰ তৰিছিল উচ্চ ন্যায়ালয়ত৷ এই গোচৰৰ আজি ৰায়দান কৰিছে ন্যায়ালয়ে৷