নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰঝাৰ বিমানবন্দৰত তালাচীৰ নামত দিব্যাংগ বৃদ্ধাক হাৰাশাস্তিঃ চিআইএছএফ কনিষ্টবলক নিলম্বন

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত বৃহস্পতিবাৰে এগৰাকী ৮০ বছৰীয়া বৃদ্ধাক তালাচীৰ নামত সুৰক্ষাকর্মীয়ে অভব্য আচৰণ কৰাক লৈ সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ পাছতে আজি নিলম্বন কৰা হয় চিআইএছএফ কনিষ্টবলজনক।

উল্লেখ্য যে চিআইএছএফৰ কর্মীয়ে বিশেষভাৱে সক্ষম বৃদ্ধগৰাকীক তালাচীৰ নামত অন্তর্বাসপর্যন্ত খুলিবলৈ বাধ্য কৰোৱা বুলি সামাজিক মাধ্যমত ভুক্তভোগী বৃদ্ধাগৰাকীৰ কন্যাই টুইট কৰাৰ পিছতে ঘটনাটোক লৈ বিশ্বজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷

মনকৰিবলগীয়া যে বিগত বর্ষত অস্ত্রোপচাৰ সম্পন্ন কৰা মহিলাগৰাকীৰ শৰীৰত এপাত ধাতু সংৰোপণ কৰা হৈছিল৷ সুৰক্ষাবাহিনীৰ তালাচীত বৃদ্ধাগৰাকীৰ শৰীৰত ধাতৱ পদার্থৰ উপস্থিতি ধৰা পৰাত সুৰক্ষাকর্মীয়ে দিব্যাংগ বৃদ্ধাগৰাকীক দুর্ব্যৱহাৰ কৰাৰ লগতে তালাচীৰ নামত কাপোৰ খুলিবলৈও বাধ্য কৰাইছিল৷ বৃদ্ধাগৰাকী কন্যাই ছ’চিয়েল মিডিয়াত এই অভাৱনীয় পৰিস্থিতিৰ বিষয়ে প্রকাশ কৰাৰ লগে লগে গুৱাহাটী বিমানবন্দৰ কর্তৃপক্ষই ক্ষমা বিচাৰে৷

এই সন্দৰ্ভত চিআইএছএফৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে মহিলা কনিষ্টবল মীৰা দাসক যাত্ৰীৰ সৈতে কৰা দুর্ব্যৱহাৰৰ বাবে নিলম্বিত কৰা হৈছে। বিষয়টোৰ বিতং তদন্তৰ নিৰ্দেশ দিয়া হৈছে। কনিষ্টবলজনে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ’ৰ (এছ.অ.পি.) অনুসৰি কাম কৰিছে, কিন্তু তথাপিও তেওঁ ৮০ বছৰীয়া বৃদ্ধাগৰাকীক আন ধৰণেও চম্ভালিব পাৰিলেহেঁতেন।

You might also like