দ্য অস্কাৰ ফৰ বেষ্ট… ছবিজগতৰ শ্ৰেষ্ঠ পুৰষ্কাৰ ঘোষণা
বিশেষ বাৰ্তা, ২৮ মাৰ্চঃ ২০২২ বৰ্ষৰ ৯৪ সংখ্যক অস্কাৰ পুৰষ্কাৰ ঘোষণা কৰা হ’ল। আমেৰিকাৰ লছ এঞ্জেলছস্থিত ডালবী থিয়েটাৰত আয়োজিত সমাৰোহত চিনেমা জগতৰ সকলোতকৈ প্ৰতিষ্ঠিত আৰু শ্ৰেষ্ঠ পুৰষ্কাৰ প্ৰদান কৰা হয়। শ্ৰেষ্ঠ ছবিৰ পুৰষ্কাৰ লাভ কৰিলে ‘কোডা’ নামৰ ছবিখনে। উইল স্মিথক ‘কিং ৰিছাৰ্ড’ ছবিখনৰ অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আৰু জেছিকা ছেষ্টনে শ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰষ্কাৰ বিজয়ী হিচাপে একাডেমীৰ মঞ্চত উজলিছে।
Check out all the winners’ full reactions backstage on the @Verizon #5GUltraPass, and don’t forget to nominate your favorite moments from the #Oscars on the @Verizon Twitter page for a chance to win!https://t.co/e1JvwlJb8K pic.twitter.com/8nGF85GUGT
— The Academy (@TheAcademy) March 28, 2022
জেন কেম্পিয়নে ‘দ্য পাৱাৰ অৱ ডগ’ ছবিখনৰ বাবে সৰ্বশ্ৰেষ্ঠ পৰিচালকৰ পুৰষ্কাৰ লাভ কৰিলে। ইপিনে, সৰ্বশ্ৰেষ্ঠ আন্তৰ্জাতিক ছবিৰ শিতানত পুৰষ্কাৰ লাভ কৰিলে জাপানী ভাষাৰ ছবি ‘ড্ৰাইভ মাই কাৰ’ ছবিখনে। ‘এনকাণ্টো’ ছবিখনক শ্ৰেষ্ঠ এনিমেটেড ছবি বুলি সন্মানিত কৰা হৈছে।