নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিজাবঃ কাৰ পক্ষত মিছ ইউনিভাৰ্ছ হৰনাজ, সাংবাদিকক ক’লে…

বিশেষ বাৰ্তা, ২৮ মাৰ্চঃ কৰ্ণাটকৰ হিজাব বিবাদক লৈ ব্ৰহ্মাণ্ড সুন্দৰী হৰনাজ কৌৰ সান্ধুৰ প্ৰতিক্ৰিয়া জানেনে? মিছ ইউনিভাৰ্ছৰ খিতাপ জয় কৰাৰ পাছত প্ৰথমবাৰ দেশলৈ অহা হৰনাজে এইকেইদিন বিভিন্ন ঠাইত বহু অনুষ্ঠানত অংশগ্ৰহণ কৰি আছে। হৰনাজক সন্মানিত কৰিবলৈ আয়োজিত এক অনুষ্ঠানত সাংবাদিকে সুধি দিয়ে হিজাব বিতৰ্ক সন্দৰ্ভত মতামত। যদিও সেই মত-বিনিময় অনুষ্ঠানত ৰাজনৈতিক কথা সোধা মানা আছিল তাৰ পাছতো হৰনাজে কোনো সংকোচবোধ নকৰি স্পষ্টকৈ সৱলভাৱে নিজৰ মত ৰাখে। তেওঁ কয়- সদায়ে যুৱতী-মহিলাক লক্ষ্য কৰা বাদ দিয়ক। এতিয়াও মোকেই লক্ষ্য কৰিছে। যুৱতী-মহিলাসকলে যিদৰে বিচাৰে তেনেকৈ জীয়াবলৈ দিয়ক। তেওঁলোকক লক্ষ্যপ্ৰাপ্তি কৰিবলৈ দিয়ক, উৰিবলৈ দিয়ক। পাখি নাকাটিব তেওঁলোকৰ। কাটিব বিচাৰে যদি নিজৰে কাটক।

You might also like