নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধৰ মাজতে ভাৰতলৈ আহিব ৰুছ বিদেশ মন্ত্রী

বিশেষ বাৰ্তা, ২৮ মাৰ্চঃ ইউক্রেইনৰ সৈতে যুদ্ধ চলিছে ৰাছিয়াৰ। কূটনৈতিক সূত্রৰ খবৰ অনুসৰি, তাৰ মাজতে শীঘ্রেই ভাৰতলৈ আহিব পাৰে ৰুছ বিদেশমন্ত্রী ছের্গেই লেভৰভ। আসন্ন ভ্ৰমণৰ উদ্দেশ্য বর্তমান পৰিৱর্তিত ভূকৌশলগত পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা। এতিয়ালৈ এই ভ্ৰমণৰ দিন ঠিৰাং হোৱা নাই যদিও চীনৰ পাছতে তেওঁ ভাৰতলৈ আহিব। সূত্রৰ পৰা জনা অনুসৰি, ৰাছিয়াই বিচাৰিছে ইউক্রেইনৰ পৰিস্থিতি তথা দেশখনৰ সৈতে হোৱা আলোচনাৰ দিশটো ভাৰতক বিস্তাৰিতভাৱে জনোৱা। আমেৰিকা আৰু পশ্চিমে আগবঢ়োৱা ৰাষ্ট্রসংঘৰ তিনিটা প্রস্তাৱতেই ভোটদানৰ পৰা নিজকে আঁতৰাই ৰাখিছে নতুন দিল্লীয়ে। সমান্তৰালকৈ ৰাছিয়া-বিৰোধতো অংশ লোৱা নাই।

You might also like