ব’হাগক আদৰিবলৈ সাজু ৰূপহীহাটবাসী, লাওখোৱাত চলিছে বিহুৰ আখৰা
নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ২৮ মাৰ্চঃ ব’হাগ মানেই যেন অসমীয়াৰ গা সাতখন আঠখন। ব’হাগ মানেই যেন চৌদিশে ঢোল-পেঁপা-গগণাৰ মাত আৰু কুলি কেতেকীৰ বিনন্দীয়া সুৰ। তাৰ মাজতেই বিহুটিক আদৰিবলৈ সাজু হৈ পৰিছে অসমবাসী। সমান্তৰালকৈ ৰূপহীহাটৰ ভিন্ন প্ৰান্তত দিনে নিশাই চলিছে বিহুৰ আখৰা। ৰূপহীহাটৰ লাওঁখোৱাৰ বৰনামঘৰ প্ৰাংগনত এগৰাকী মহিলাই কণমানি ল’ৰা-ছোৱালীক লগত লৈ চলাই আছে বিহু নাচ আৰু হুঁচৰিৰ লগতে ঢোল, পেপা, গগণা বজোৱাৰ আখৰা। বিগত দুটা বছৰত কৰোনাৰ ভয়াবহতাৰ বাবে ৰাইজে হেঁপাহৰ বহাগৰ বিহুটি পালন কৰিব পৰা নাছিল। এইবছৰ সম্পূৰ্ণ ক’ভিড পৰিস্থিতি শাম কটাৰ পাছত লাওঁখোৱাতো আখৰাত ব্যস্ত এদল কণমানি শিশুৰ লগতে গাৱঁৰ ডেকা গাভৰু জীয়ৰী বোৱাৰী সকলো। সম্পূৰ্ণ ৰূপে এইবাৰ বিহুটিক আদৰিবলৈ অনুমতি পোৱাত উৎফুল্লিত হৈ পৰা দেখা গৈছে আখৰাত ব্যস্ত থকা এই সকল লোকক ৷