জনতাক ৰামটাঙোন শোধাই ৰাজ্যৰ টোল প্লাজাত ১৬ শতাংশ পর্যন্ত কৰ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ পেট্র’ল পণ্যৰ পৰা নিত্য–ব্যৱহার্য সামগ্রী–জীৱনদায়িনী ঔষধলৈ প্রত্যেকৰে আকাশলংঘী দাম বৃদ্ধিত কার্যতঃ কোঙা হৈ পৰা ক’ভিডপিষ্ট সর্বসাধাৰণ জনতাক সকাহ দিয়াৰ সলনি চৰকাৰে এটাৰ পিছত এটাকৈ বিপৰীতমুখী পদক্ষেপহে গ্রহণ কৰি আহিছে৷ এইবাৰ দেশবাসীৰ মূৰত ৰামটাঙোন শোধাই টোল প্লাজাসমূহৰ কৰ বৃদ্ধি কৰাৰ হঠকাৰী সিদ্ধান্ত গ্রহণ কৰিছে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে৷ অহা ১ এপ্রিলৰ পৰাই কার্যকৰী হ’ব এই সিদ্ধান্ত৷ ইয়াৰ লগে লগে ৰাষ্ট্রীয় ঘাইপথেৰে যাত্রা কৰা ব্যক্তিগত–বাণিজ্যিক বাহনসমূহে বর্ধিত হাৰত টোল প্লাজাসমূহত কৰ আদায় দিব লাগিব৷
ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে এই সম্পর্কত জাৰি কৰা জাননী অনুসৰি অসমৰ ৰাষ্ট্রীয় ঘাইপথত থকা টোল প্লাজাত বাঢ়িব অতিৰিক্ত ১৬ শতাংশ পর্যন্ত কৰ৷ টোল প্লাজাত বর্ধিত নিৰিখত কৰ আৰোপ কৰাৰ বিৰূপ প্রভাৱ ৰাজ্যৰ বজাৰ ব্যৱস্থাত পৰাটো নিশ্চিত৷ বিশেষকৈ সামগ্রী পৰিবাহী বাণিজ্যিক বাহনসমূহে টোল প্লাজাসমূহত অতিৰিক্ত হাৰত কৰ আদায় দিব লাগিলে ভাৰাও বৃদ্ধি হ’ব৷ সমান্তৰালভাৱে খাদ্যকে ধৰি বিভিন্ন সা–সামগ্রীৰ দাম বৃদ্ধি কৰিবলৈ বাধ্য হ’ব ব্যৱসায়ীসকল৷ এক কথাত ক’বলৈ গ’লে টোল প্লাজাত কৰ বৃদ্ধিৰ এই হঠকাৰী সিদ্ধান্তই ৰাজ্যৰ বজাৰত দাম বৃদ্ধিৰ জুইকুৰা দাওদাওকৈ জ্বলাই তুলিব৷ সেইদৰে অহা ১ এপ্রিলৰ পৰা টোল প্লাজাত নতুন নিৰিখত কৰ আদায়ৰ সিদ্ধান্ত বলৱৎ হোৱাৰ লগে লগে জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্রাতো পৰিব বিৰূপ প্রভাৱ৷ ৰাষ্ট্রীয় ঘাইপথেৰে অহা–যোৱা কৰা লোকসকলে কৰ আদায় দিয়াৰ নামত অতিৰিক্ত ধন আদায় দিব লাগিলে খৰচৰ পৰিমাণো বাঢ়ি যাব৷ মুঠৰ ওপৰত প্রতিবিধ সামগ্রীৰ আকাশলঙঘী দামে জনসাধাৰণক চকুৰে সৰিয়হৰ ফুল দেখুওৱাৰ মাজতে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণৰ এয়া এক টোঘলকী সিদ্ধান্ত ৰূপে বিবেচিত হৈছে৷
ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে জাৰি কৰা জাননী অনুসৰি কামৰূপ (মহানগৰ) জিলাৰ অন্তর্গত তথা ৩৭ নং ৰাষ্ট্রীয় ঘাইপথত থকা সোণাপুৰ টোল প্লাজাত সম্প্রতি এবাৰৰ যাত্রাত প্রতিখন কাৰ–জীপ–ভেন বা লঘু বাহনে ১১৫ টকা, লঘু বাণিজ্যিক বাহনে ১৮৫ টকা, বাছ–ট্রাক (টু এক্সেল)–এ ৩৯৫ টকা, থ্রী এক্সেল বাহনে ৪৩০ টকা আৰু গধুৰ বাণিজ্যিক বাহনে ৬১৫ টকাকৈ আদায় দিব লাগে৷ কিন্তু নতুন সিদ্ধান্ত অনুসৰি অহা ১ এপ্রিলৰ পৰা প্রতিখন কাৰ–জীপ–ভেনৰ ক্ষেত্রত ১৩.০৪ শতাংশ হাৰে ১৩০ টকা, লঘু বাণিজ্যিক বাহনে ১০.৮১ শতাংশ হাৰে ২০৫ টকা, বাছ–ট্রাক (টু এক্সেল)–এ ৮.৮৬ শতাংশ হাৰে ৪৩০ টকা, থ্রী এক্সেল বাণিজ্যিক বাহনে ৯.৩০ শতাংশ হাৰে ৪৭০ টকা আৰু গধুৰ বাণিজ্যিক বাহনে ১০.৫৬ শতাংশ হাৰে ৬৮০ টকাকৈ বর্ধিত নিৰিখৰ কৰ আদায় দিব লাগিব৷ টোল প্লাজাখনত ২৪ ঘণ্টাৰ ভিতৰৰ ওভতনি যাত্রা, মাহত ৫০ বাৰৰ বাবে এবাৰৰ যাত্রাৰ পাছ আৰু কামৰূপ (মহানগৰ) জিলা পঞ্জীয়নভুক্ত বাণিজ্যিক বাহনৰ কৰো বৃদ্ধি কৰা হৈছে৷ সেইদৰে কামৰূপ জিলাৰ অন্তর্গত ৩১নং ৰাষ্ট্রীয় ঘাইপথস্থিত মদনপুৰ টোল প্লাজাত বর্তমানে এবাৰৰ যাত্রাত প্রতিখন কাৰ–জীপ–ভেনে ১১০ টকাকৈ আদায় দিব লাগে৷ কিন্তু এই পৰিমাণ ১৩.৬৩ শতাংশ হাৰে ১২৫ টকালৈ বৃদ্ধি কৰা হৈছে৷ লঘু বাণিজ্যিক বাহনৰ ক্ষেত্রত কৰৰ পৰিমাণ বৃদ্ধি কৰা হৈছে ১১.১১ শতাংশ৷ সম্প্রতি আদায় দিয়া ১৮০ টকাৰ বিপৰীতে অহা ১ এপ্রিলৰ পৰা টোল প্লাজাখনত প্রতিখন লঘু বাণিজ্যিক বাহনে দিব লাগিব ২০০ টকাকৈ৷ বাছ–ট্রাক (টু এক্সেল)ৰ ক্ষেত্রত কৰৰ পৰিমাণ ১০.৫২ শতাংশ বৃদ্ধি কৰা হৈছে৷ বর্তমানে আদায় দিয়া ৩৮০ টকাৰ ঠাইত নতুন কৰৰ পৰিমাণ হ’ব ৪২০ টকা৷ থ্রী এক্সেল বাছৰ ক্ষেত্রত বর্তমানৰ ৪১৫ টকাৰ ঠাইত নতুন কৰৰ পৰিমাণ ৪৫৫ টকা ধার্য কৰা হৈছে৷ শতাংশৰ হিচাপত বৃদ্ধিৰ হাৰ ৯.৬৩৷ গধুৰ বাণিজ্যিক বাহনে টোল প্লাজাখনত বর্তমান ৫৯৫ টকা আদায় দিব লাগে যদিও এই পৰিমাণ ১০.০৮ শতাংশ হাৰে ৬৫৫ টকালৈ বৃদ্ধি কৰিছে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে৷ এই টোল প্লাজাখনতো ২৪ ঘণ্টাৰ ভিতৰত ওভতনি যাত্রা, মাহত ৫০বাৰৰ বাবে এবাৰৰ যাত্রাৰ পাছ আৰু কামৰূপ জিলাত পঞ্জীয়নভুক্ত বাহনে আদায় দিবলগীয়া কৰৰ পৰিমাণো বৃদ্ধি কৰা হৈছে৷
ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণৰ সিদ্ধান্ত কার্যকৰী হোৱাৰ লগে লগে ২৭নং ৰাষ্ট্রীয় ঘাইপথত স্থাপন কৰা ৰহা টোল প্লাজাতো কৰ বৃদ্ধি পাব৷ বর্তমানে এই টোল প্লাজাখনত প্রতিখন কাৰ–জীপ–ভেনে এবাৰৰ যাত্রাত ১০০ টকা, লঘু–বাণিজ্যিক বাহনে ১৬০ টকা, বাছ (টু এক্সেল)–এ ৩৩৫ টকা, থ্রী এক্সেল বাছে ৩৬৫ টকা আৰু গধুৰ বাণিজ্যিক বাহনে ৫০০ টকা আদায় দিব লাগে৷ কিন্তু উক্ত বাহনসমূহৰ ক্ষেত্রত অহা ১ এপ্রিলৰ পৰা ক্রমে ১১০ টকা, ১৭৫ টকা, ৩৭০ টকা, ৪০৫ টকা আৰু ৫৮০ টকা নতুন নিৰিখৰ কৰ আৰোপ কৰা হৈছে৷ কাৰ–জীপ–ভেনৰ ক্ষেত্রত ১০ শতাংশ, লঘু বাণিজ্যিক বাহনৰ ক্ষেত্রত ৯.৩৭ শতাংশ, বাছ (টু এক্সেল)ৰ ক্ষেত্রত ১০.৪৪ শতাংশ, থ্রী এক্সেল বাছৰ ক্ষেত্রত ১০.৯৫ শতাংশ আৰু গধুৰ বাণিজ্যিক বাহনৰ ক্ষেত্রত সর্বাধিক ১৬ শতাংশ বৃদ্ধি কৰা হৈছে কৰ৷ ইফালে ডবকা টোল প্লাজাত কাৰ–জীপ–ভেনৰ বিপৰীতে ১২.০৫ শতাংশ, লঘু বাণিজ্যিক বাহনৰ বিপৰীতে ১১.৫৩ শতাংশ, বাছ (টু এক্সেল)ৰ বিপৰীতে ১২.৯৬ শতাংশ, থ্রী এক্সেল বাছৰ বিপৰীতে ১১.৮৬ শতাংশ আৰু গধুৰ বাণিজ্যিক বাহনৰ বিপৰীতে ১১.৭৬ শতাংশ কৰ বৃদ্ধি কৰা হৈছে৷ ডিমা হাছাও জিলাৰ অন্তর্গত তথা ৫৪ নং ৰাষ্ট্রীয় ঘাইপথত থকা মান্দেৰডিছা টোল প্লাজাতো জনসাধাৰণে বর্ধিত নিৰিখত কৰ আদায় দিব লাগিব৷ ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণৰ সিদ্ধান্ত অনুসৰি টোল প্লাজাখনৰে চলাচল কৰা কাৰ–জীপ–ভেনৰ বাবে ১১.১১ শতাংশ, লঘু বাণিজ্যিক বাহনৰ বাবে ১০ শতাংশ, বাছ–ট্রাক (টু এক্সেল)ৰ বাবে ১১.১৯ শতাংশ, থ্রী এক্সেল বাহনৰ বাবে ১০.২৯ শতাংশ আৰু গধুৰ বাণিজ্যিক বাহনৰ বাবে ১০.২০ শতাংশ কৰ বৃদ্ধি কৰা হৈছে৷ এই টোল প্লাজা দুখনতো ২৪ ঘণ্টাৰ ভিতৰত ওভতনি যাত্রা, মাহত ৫০বাৰৰ বাবে এবাৰৰ যাত্রা আৰু সংশ্লিষ্ট জিলাত পঞ্জীয়নভুক্ত বাহনৰ ক্ষেত্রতো কৰৰ পৰিমাণ বৃদ্ধি কৰা হৈছে৷ অনুৰূপ ধৰণে ৩১নং ৰাষ্ট্রীয় ঘাইপথত থকা ভৱানীপুৰৰ গলিয়া টোল প্লাজাতো অহা ১ এপ্রিলৰ পৰা নতুন নিৰিখৰ কৰ প্রৱর্তনেৰে জাননী জাৰি কৰিছে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে৷