আমি টোপনিৰ পৰা উঠি কামলৈ যোৱালৈ বেলি মূৰৰ ওপৰত উঠে, সুকীয়া টাইমজ’নৰ পোষকতা মুখ্যমন্ত্ৰীৰ
বিশেষ বাৰ্তা, ৩১ মাৰ্চঃ অসমৰ বাবে সুকীয়া টাইমজ’নৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। কালি সদনত অসম-মেঘালয়ৰ সীমা সংক্ৰান্তীয় ব্যক্তব্য দিয়াৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আমি টোপনিৰ পৰা উঠি কামলৈ যোৱালৈ বেলি মূৰৰ ওপৰত উঠে। অন্ততঃ কেইঘণ্টা আগুৱাই হ’লেও আমাক আজি সুকীয়া টাইমজ’নৰ প্ৰয়োজন হৈছে। কেইঘণ্টা আগুৱাই টাইমজ’ন নিৰ্ধাৰণ হ’লে কেৱল বিদ্যুৎ ৰাহি কৰাই নহয়, স্বাস্থ্য ৰক্ষাও হ’ব। তেওঁ পুনৰ কয় যে- আজি আমাৰ বহুতেই মাজনিশা পৰ্যন্ত কাম কৰে। টাইমজ’ন সুকীয়া হ’লে সকলোৱে জৈৱিক ঘড়ী মতে, কাম কৰিব আৰু শুব পাৰিব। উল্লেখনীয় যে, উত্তৰপূবৰ ৰাজ্য হিচাপে অসমৰ বাবে সুকীয়া আৰু আগতীয়া টাইমজ’নৰ কথা ইয়াৰ আগতেও বিভিন্নজনে বাৰে বাৰে কৈছিল। ব্ৰিটিছ ৰাজত্বৰ সময়ত সেয়ে চাহ বাগানৰ শ্ৰমিকৰ কামৰ বাবে সুকীয়া আৰু আগতীয়া সময় নিৰ্ধাৰণ কৰা আছিল। আজিও ‘বাগান টাইম’ আৰু ‘লোকেল টাইম’ বেলেগ। ২০১৪ চনত নতুন বছৰৰ প্ৰতিশ্ৰুতি হিচাপে তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ভাৰতীয় মান সময়তকৈ অন্ততঃ ৬০ মিনিট আগুৱাই স্থানীয় টাইমজ’নৰ প্ৰস্তাৱ আগবঢ়াইছিল। ইয়াৰ জৰিয়তে শক্তি ৰাহি কৰাৰ লগতে সূৰ্যৰ পোহৰৰ অধিক ব্যৱহাৰ হ’ব বুলি তেওঁ মতামত দাঙি ধৰিছিল।