বিজেপিৰ ৰোষত পৰিছে বায়’কনৰ অধ্যক্ষা কিৰণ মজুমদাৰ শ্ব, কিয়
বিশেষ বাৰ্তা, ১ এপ্ৰিলঃ হিজাব বিতৰ্ক এতিয়াও কমা নাই কৰ্ণাটকত। দাবী উঠিছে মন্দিৰ চৌহদত মুছলিমসকলক ব্যৱসায় কৰিবলৈ দিয়া নহ’ব। হালাল মাংস বিক্রীও বন্ধ কৰাৰ দাবী উঠিছে। এনে পৰিস্থিতিত সাম্প্রদায়িকতাৰ বিপদ বুলি টুইট কৰি গেৰুৱা শিবিৰৰ ৰোষত পৰিছে বায়’কনৰ মুৰব্বী কিৰণ মজুমদাৰ শ্ব। বুধবাৰে নিশা কিৰণে টুইটাৰত লিখিছে- কৰ্ণাটকে সদায়ে সকলোকে লগত লৈ উন্নয়নৰ পথত আগুৱাইছে। এনে ধৰণৰ সাম্প্রদায়িক বিভেদক আমি প্রশ্রয় দিয়া উচিত নহয়। যদি তথ্য-প্রযুক্তি, জৈৱ প্রযুক্তিৰ জগতখনতো সাম্প্রদায়িকতা শিপায়, তেনেহ’লে আন্তর্জাতিক ক্ষেত্রত আমাৰ নেতৃত্বও নষ্ট হ’ব। মুখ্যমন্ত্রী, দয়া কৰি এই ধর্মীয় বিভাজন বন্ধ কৰক। উল্লেখনীয় যে, এই বিতর্কত কিৰণেই কর্প’ৰেট জগতৰ শীৰ্ষ স্থানীয় সকলৰ ভিতৰত প্রথম যিয়ে প্রকাশ্যে মুখ খুলিছে। ইয়াৰ পাছতে বিজেপিৰ ৰোষত পৰিছে দেশৰ অন্যতম ক্ষমতাশালী মহিলাগৰাকী। তেওঁক কটাক্ষ কৰিবলৈ এৰা নাই বিজেপিৰ আই টি চেলৰ শীৰ্ষসকলেও।