বিশেষ বাৰ্তা, ১ এপ্ৰিলঃ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ মাকৰ বৰ দুখ। কিয় জানেনে? আইতাক হোৱাৰ আনন্দ সম্পূৰ্ণকৈ উপভোগ কৰিব পৰা নাই প্ৰিয়ংকাৰ মাক মধু চোপ্ৰাই। উল্লেখনীয় যে, ছাৰোগেচীৰ জৰিয়তে যোৱা জানুৱাৰীত এটি সন্তান জন্ম হৈছে গ্লোবেল অভিনেত্ৰী প্ৰিয়ংকা আৰু নিক জোনাছৰ। এক সাক্ষাংকাৰত মাকে জনাইছে যে তেওঁ এতিয়ালৈ নাতিনীৰ মুখখনে স্বচক্ষে দেখা নাই। অৱশ্যে ফেচটাইমত দেখা পাই থাকে। প্ৰিয়ংকা আৰু নিকে হঠাং সন্তান জন্ম হোৱাৰ খবৰটো জনাই অনুৰাগীক আচৰিত কৰে যদিও এতিয়ালৈ সন্তানটিৰ নাম আৰু কোনো ফটো ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা নাই। অৱশ্যে প্ৰিয়ংকাৰ মাকে জনায় যে সন্তানটিৰ জন্মৰে পৰা অভিনেত্ৰীগৰাকী লছ এঞ্জেলছত আছে। সন্তানটিৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখি আৰু ক’ভিড পৰিস্থিতিৰ বাবে মাকেও নাতিনীক চাবলৈ যাব পৰা নাই।
Next Post
You might also like