বিশেষ বাৰ্তা, লখিমপুৰ, ১ এপ্ৰিলঃ অসমৰ অন্যতম শক্তিশালী জাতীয় সংগঠন কোচ-ৰাজবংশী সংগ্ৰাম সমিতি চমুকৈ কে আৰ এছ এছৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি, বিশিষ্ট কবি ৰূপজ্যোতি দত্ত, উত্তৰ লখিমপুৰ নগৰ আঞ্চলিক কোচ- ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি সিদ্ধাৰ্থ শংকৰ শইকীয়াৰ নেতৃত্বত এটি প্ৰতিনিধি দলে উত্তৰ লখিমপুৰস্থিত চিত্ৰশিল্পী নীলিম মহন্তক তেওঁৰ ঘৰলৈ গৈ কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে। সৰুৰে পৰাই চিত্ৰশিল্পৰ সাধনাত ব্ৰতী হৈ অহা যুৱ চিত্ৰশিল্পী গৰাকীৰ গৃহত অন্তৰংগ মুহূৰ্তত শিক্ষয়িত্ৰী মাতৃ স্বৰ্গজ্যোতি গোস্বামী মহন্ত, ভাতৃ অৰ্নৱ মহন্ত, ডিব্ৰুগড়, যোৰহাট, মাজুলী ইত্যাদি জিলাৰ বহুকেইগৰাকী সহযোগী চিত্ৰশিল্পী দলটিৰ উপস্থিতিত নীলিম মহন্তক শিল্প সাধনাৰ বৰঙনীৰ বাবে ফুলাম গামোচা আদিৰে বিশেষভাৱে বৰণ কৰি শুভেচ্ছা জনায়। অভিনন্দন অনুষ্ঠানটিত কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি, সমাজ সংগঠক ৰূপজ্যোতি দত্তই বৰ্তমানৰ দৰেই অনাগত সময়তো সমাজ-জীৱনৰ কল্যানৰ অৰ্থে আত্মনিয়োগ কৰি যাবলৈ আহ্বান জনোৱাৰ লগতে কে আৰ এছ এছৰ উত্তৰ লখিমপুৰ নগৰ আঞ্চলিকৰ সভাপতি সিদ্ধাৰ্থ শংকৰ শইকীয়াই শুভেচ্ছামূলক চমু বক্তব্য আগবঢ়ায়। সম্বৰ্ধনা গ্ৰহণ কৰি চিত্ৰশিল্পী মহন্তই সন্তোষ প্ৰকাশ কৰি আগলৈও সমাজ জীৱনৰ বাবে কাম কৰি যাব বুলি মন্তব্য কৰাৰ লগতে মাতৃ শিক্ষয়িত্ৰী স্বৰ্গজ্যোতি গোস্বামী মহন্তই লখিমপুৰ জিলা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিৰ কৰ্মক ধন্যবাদ জনায়।