নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ দেশত পেট্র’ল–ডিজেল মাত্র ৭৪ দিনৰ বাবেহে মজুত আছে৷ বৃহস্পতিবাৰে কেন্দ্রীয় চৰকাৰে এই তথ্য সদৰী কৰিছে সংসদত৷ তৃণমূল কংগ্রেছৰ সাংসদ সৌগত ৰায়ৰ এক প্রশ্নৰ উত্তৰত পেট্র’লিয়াম মন্ত্রালয়ৰ তৰফৰ পৰা উল্লেখ কৰে যে আগন্তুক ৭৪ দিনৰ বাবে দেশত ইন্ধন মজুত আছে৷
লক্ষণীয়ভাৱে সাংসদগৰাকীয়ে দেশত এই মুহূর্তত কিমান পৰিমাণৰ তেল মজুত আছে আৰু কোনো জৰুৰী পৰিস্থিতিত এই পৰিমাণৰ তেলেৰে কিমান দিন কাম চলোৱা সম্ভৱ হ’ব, সেই সন্দর্ভত সংসদত প্রশ্ন উত্থাপন কৰিছিল৷ ইয়াৰ উত্তৰত পেট্র’লিয়াম মন্ত্রালয়ে কয় যে এই মুহূর্তত দেশত প্রায় ৫০.৩৩ লাখ মেট্রিক টন অপৰিশোধিত তেল মজুত আছে৷ ইয়াৰ দ্বাৰা দেশৰ ৯.৫ দিনৰ চাহিদা পূৰণ কৰিব পৰা যাব৷
আনফালে, বিভিন্ন পেট্র’লিয়াম সংস্থাবোৰৰ হাতত যিমান পৰিমাণৰ তেল মজুত আছে, তাৰ দ্বাৰা দেশৰ কাম–কাজ ৬৪.৫ দিন চলাব পৰা যাব৷ অর্থাৎ সকলো মিলি মুঠ ৭৪ দিনৰ ইন্ধন মজুত আছে ভাৰতত৷ লক্ষণীয়ভাৱে পেট্র’ল–ডিজেলৰ মজুতৰ পৰিমাণ হ্রাস পোৱা বিষয়টোক উদ্বেগজনক বুলি অভিহিত কৰিছে অর্থনৈতিক বিশেষজ্ঞসকলে৷ আন্তর্জাতিক স্তৰত সাধাৰণভাৱে যিকোনো দেশত ৯০ দিনৰ তেল মজুত থকা প্রয়োজন৷ কিন্তু ইয়াৰ তুলনাত ভাৰতত যথেষ্ট কম তেল মজুত আছে৷