নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণৰাজ্য দিৱসক লৈ অসম-নাগালেণ্ড সীমান্তত সষ্টম আৰক্ষী

নিয়মীয়া বার্তা, ২৩ জানুৱাৰীঃ আগন্তুক গণৰাজ্য দিৱসত উগ্ৰপন্থীৰ সাম্ভাব্য কূটাঘাটৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ চুকে কোণে সষ্টম হৈ পৰিছে আৰক্ষী আৰু নিৰাপত্তাবাহিনী সমূহ । বিশেষকৈ চৰাইদেউ জিলাৰ সাপেখাতীৰ বিষ্ফোৰণৰ পাছৰে পৰাই আৰু অধিক তৎপৰ হৈ পৰিছে অসম আৰক্ষী ।

আৰক্ষী আৰু নিৰাপত্তাবাহিনীৰ তালাচী অভিযান

স্পৰ্শকাতৰ আৰু সীমান্তৱৰ্তী এলেকাসমূহত সম্প্ৰতি আৰক্ষীৰ তালাচী অভিযান দিনে নিশাই অৱ্যাহত আছে । অসম-নাগালেণ্ড সীমান্তৱৰ্তী মেৰাপানীতো এতিয়া ধাৰাবাহিক ভাৱে চলিছে আৰক্ষীৰ জোৰদাৰ তালাচী অভিযান ।

অসম আৰক্ষী আৰু চি আৰ পি এফে যৌথভাৱে মেৰাপানী সীমান্তত অৱ্যাহত ৰাখিছে তালাচী অভিযান ।

নাগালেণ্ড সংযোগী প্ৰতিটো পথতে নাকা চেকিঙৰ জৰিয়তে আৰক্ষীয়ে তন্ন তন্নকৈ তালাচী চলাইছে প্ৰতিখন সৰু বৰ বাহনত । নাগালেণ্ডৰ দিশৰ পৰা যাতে কোনো সন্দেহজনক লোক অথবা বিস্ফোৰক সামগ্ৰী অসমত প্ৰবেশ কৰিব নোৱাৰে, এইক্ষেত্ৰত যথেষ্ঠ সতৰ্কতা অৱলম্বন কৰিছে মেৰাপানী আৰক্ষীয়ে ।

উল্লেখ্য যে, সমগ্ৰ গোলাঘাট জিলাৰ ভিতৰতে মেৰাপানীক অতিকৈ স্পৰ্শকাতৰ অঞ্চল হিচাপে গন্য কৰা হয় ।

You might also like