ইউনিকোডত অসমীয়া লিপিৰ সুকীয়া কোড চার্ট অন্তর্ভুক্তিৰ আন্তর্জাতিক পর্যায়ত দাবী কৰিব অসম সাহিত্য সভাই
নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ ইউনিক’ডত অসমীয়া লিপিৰ সুকীয়া ক’ড চার্ট অন্তর্ভুক্তিৰ হকে পুনৰ ভাৰত চৰকাৰ তথা আন্তঃৰাষ্ট্রীয় পর্যায়ৰ মানক সংস্থাৰ ওচৰত সজোৰে দাবী উত্থাপন কৰা হ’ব৷ আজি দিছপুৰস্থিত জনতা ভৱনত মন্ত্রী বিমল বৰাৰ অধ্যক্ষতাত এই সন্দর্ভত গঠন কৰা উচ্চ পর্যায়ৰ সমিতিৰ এক গুৰুত্বপূর্ণ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়৷ বৈঠকত উপস্থিত থকা সমিতিৰ সদস্যসকলে অসমীয়া লিপিৰ বাবে ইউনিক’ডত এক পৃথক ক’ড চার্টৰ ব্যৱস্থা কৰা সন্দর্ভত নিজৰ নিজৰ মতামত ব্যক্ত কৰে৷ ইয়াৰ অন্তত ইউনিক’ডত অসমীয়া লিপিৰ অন্তর্ভুক্তিৰ হকে সমিতিয়ে পূর্বৰ স্থিতি অক্ষুণ্ণ ৰখাৰ সিদ্ধান্ত লোৱা হয়৷
উল্লেখ্য যে এই বৈঠকত অসম সহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া, শিক্ষাবিদ ড০ উপেন ৰাভা হাকাচাম, আনন্দৰাম বৰুৱা, ভাষা, কলা আৰু সংস্কৃতি প্রতিষ্ঠানৰ সঞ্চালক ড০ দিলীপ কলিতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক জ্যোতিপ্রকাশ তামুলী, ড০ শিখৰ কুমাৰ শর্মা, এমট্র’নৰ পৰিচালন সঞ্চালক এম কে যাদৱ, উচ্চ শিক্ষা বিভাগৰ সচিব ড০ দীপক মজুমদাৰকে ধৰি সমিতিৰ সদস্যসকল উপস্থিত আছিল৷
ইফালে ভাষাৰ সুৰক্ষা আৰু ইউনিক’ডত লিপিৰ স্বতন্ত্রৰীয়া স্থানৰ দাবীত অসম সাহিত্য সভাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰি এখন স্মাৰক–পত্র প্রদান কৰে৷ অসম লোকসেৱা আয়োগ (এ পি এছ চি)ৰ দ্বাৰা পৰিচালিত পৰীক্ষাসমূহত অসমৰ ভাষা আইনৰ দ্বাৰা স্বীকৃত আটাইকেইটা চৰকাৰী ভাষা অৱহেলিত হোৱাৰ উপক্রম হোৱাত তীব্র আক্ষেপ প্রকাশ কৰিছে সাহিত্য সভাই৷ সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়া আৰু প্রধান সম্পাদক যাদৱ চন্দ্র শর্মাই মুখ্যমন্ত্রী ড০ শর্মাক সাক্ষাৎ কৰি এখন স্মাৰক–পত্রযোগে বিষয়টো সন্দর্ভত স্থিতি স্পষ্ট কৰি কয়– ‘ভাৰতৰ অধিকাংশ ৰাজ্যৰ লোকসেৱা আয়োগৰ দৰে এ পি এছ চিয়েও পৰীক্ষাসমূহত ৰাজ্যখনৰ চৰকাৰী ভাষাৰ নূ্যনতম জ্ঞান (ক’ব, পঢ়িব আৰু লিখিব পৰা)ৰ যোগ্যতা নির্ণায়ক পৰীক্ষা বাধ্যতামূলক হোৱাটো সাহিত্য সভাই প্রয়োজন বুলি বিবেচনা কৰে৷
এইক্ষেত্রত সভাই ৰাজ্য চৰকাৰে প্রণয়ন কৰা এ পি এছ চিৰ বিধিৰ আধাৰতে পৰীক্ষাসমূহ অনুষ্ঠিত হোৱাটো বিচাৰে৷’ সাহিত্য সভাৰ ২০২৩ বর্ষৰ নাৰায়ণপুৰ অধিৱেশন সাফল্যমণ্ডিত কৰাৰ স্বার্থত আদৰণী সমিতিয়ে প্রস্তুত কৰা সকলো আন্তঃগাঁথনি উন্নয়ন কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাক সভাপতি শইকীয়া আৰু প্রধান সম্পাদক শর্মাই অনুৰোধ জনায়৷ লগতে ৰাজ্য চৰকাৰে সাহিত্য সভালৈ প্রদান কৰা বার্ষিক সাহায্য পুঁজিৰ পৰিমাণ পূর্বৰ অনুপাতে অতি কম দিয়াৰ বাবেই গভীৰ সংকটৰ সন্মুখীন হোৱা বিষয়টোও মুখ্যমন্ত্রী ড০ শর্মাক অৱগত কৰে৷