নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্ৰেইনত এতিয়াও আৱদ্ধ ৪০-৫০ জন ভাৰতীয়

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ ইউক্ৰেইনত ৰাছিয়ানসকলৰ আক্ৰমণৰ পাছত চৰকাৰে নানা উপায়েৰে ভাৰতীয় লোকসকলক উলিয়াই অনাৰ ব্যৱস্থা কৰিছিল আৰু প্ৰায় সফলো হ’ল। কিন্তু চৰকাৰৰ তথ্য অনুসৰি এতিয়াও ৪০-৫০ জন ভাৰতীয় আৱদ্ধ হৈ আছে ইউক্ৰেইনত। বৈদেশিক ৰাজ্যমন্ত্ৰী মীনাক্ষী লেখিয়ে ইউক্ৰেইনৰ পৰা সুৰক্ষীত ভাৱে ঘূৰি অহা লোকসকলৰ তথ্য সদৰী কৰি বৃহস্পতিবাৰে ৰাজ্যসভাত জনায় যে ইউক্ৰেইন আক্ৰমণৰ পাছত সৰ্বমুঠ ২২,৫০০ জন নাগৰিক বৰ্তমানলৈকে দেশলৈ উভতি আহিছে। প্ৰায় ৪০-৫০ জন ভাৰতীয় নাগৰিক এতিয়াও আৱদ্ধ হৈ আছে ইউক্ৰেইনত।

উল্লেখ্য যে ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনত ৰাছিয়ান আক্ৰমণৰ পাছত দেশখনৰ  প্ৰশাসনে অসামৰিক বিমানসমূহ বন্ধ কৰিছিল। বিগত ৫ বছৰ ধৰি আৱদ্ধ ভাৰতীয় তথা অন্য দেশৰ নাগৰিকক ঘূৰাই অনাৰ অভিযান সম্পৰ্কে বৃহস্পতিবাৰে ৰাজ্যসভাত প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে কয় যে ক’ৰোনা মহামাৰীৰ বাবে চৰকাৰে ভাৰতীয় নাগৰিকসকলক পৃথিৱীৰ অন্য ঠাইৰ পৰা ঘূৰাই অনাৰ বাবে ”বন্দে ভাৰত” অভিযান আৰম্ভ কৰিছিল।

You might also like