নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাত চৰকাৰী সভাতে পাৱাৰলুমৰ গামোছা; প্ৰতিবাদ কৰি উদ্ধোধক-অতিথিয়ে মঞ্চতে উভতাই দিলে আয়োজকক

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিল: কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰৰ নিষেধাজ্ঞা স্বত্তেও অসমৰ অন্যান্য অংশৰ লগতে বৰপেটা জিলাতো বিদ্যুৎ চালিত শালত বোৱা গামোচাৰ প্ৰচলন অব্যাহত থকাৰ বিষয়টোক লৈ কালি বৰপেটা জিলা গ্ৰামীণ স্ব-নিয়োজন প্ৰতিষ্ঠানৰ এখন সভাত এক আমোদজনক পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰতিষ্ঠানটোৰ দ্বাৰা ইয়াৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এটি দহ দিনীয়া দুগ্ধ উৎপাদন বিষয়ক প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্ধোধনী সভাত যন্ত্ৰচালিত তাঁতশালত বোৱা গামোছাৰে অতিথি সকলক আদৰণি জনোৱাত তেওঁলোকে সেই গামোছা প্ৰত্যাখ্যান কৰি আয়োজক সকলক অস্বস্তিত পেলায়।

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই উদ্ধোধক হিচাপে মূল বিষয়ৰ সন্দৰ্ভত দিয়া ৰসাল ভাষণৰ শেষত কয় যে, হস্ততাঁত (উৎপাদিত সামগ্ৰী সংৰক্ষণ) আইন ১৯৮৫ অনুসৰি প্ৰতিটো জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত ভাবে হাতেবোৱা বস্ত্ৰ বিদ্যুৎ চালিত তাঁতশালত উৎপাদন কৰাটো কেন্দ্ৰীয় চৰকাৰে বাৰণ কৰি থৈছে। তদুপৰি অসম চৰকাৰেও সুকীয়া অধিসূচনাৰ জৰিয়তে বাহিৰৰ পৰা গামোছা,দধনা আদিৰ আমদানি নিষিদ্ধ কৰি দিছে। আনকি সকলো জিলা তথা বিভাগীয় বিষয়া-কৰ্মচাৰী সকলক এই নিৰ্দেশ মানি চলিবলৈ পত্ৰ যোগে বাৰম্বাৰ আহ্বান জনাই আহিছে। জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালেও সকলো বিভাগলৈ কেৱল হাতেবোৱা গামোছাহে ব্যৱহাৰ কৰিবলৈ কঠোৰ নিৰ্দেশ জাৰী কৰিছে বুলি জানিবলৈ দি শৰ্মাই কয় যে, এই সম্পৰ্কত জনসংযোগ বিভাগে মাইক যোগে যথেষ্ট প্ৰচাৰো চলাইছে। আনকি গ্ৰামীণ স্ব-নিয়োজন প্ৰতিষ্ঠানৰ সঞ্চালকক ব্যক্তিগত ভাবেও তেওঁ পূৰ্বে এই সম্পৰ্কে অৱগত কৰিছিল যদিও কালিৰ অনুষ্ঠানত পুণৰ বিদ্যুৎ চালিত শালত বোৱা গামোছাৰে অতিথি সকলক আদৰণি জনোৱাত ইয়াৰ প্ৰতিবাদ কল্পে তেওঁ গামোছাখন সভাৰ মঞ্চতে আয়োজকক উভতাই দিয়ে। তাকে দেখি সভাত উপস্থিত থকা আন এগৰাকী অভ্যাগত ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰৱন্ধক সুমিত প্ৰসাদ দাসেও গামাছা উভতাই দি প্ৰতিবাদ সাব্যস্ত কৰাত আয়োজক সকল চৰম অস্বস্তিৰ সন্মূখীন হোৱাৰ লগতে কিংকৰ্তব্য বিমোৰ হৈ পৰা দেখা যায়। পিছত প্ৰতিষ্ঠানটোৰ সঞ্চালক ৰঞ্জিৎ কুমাৰ তালুকদাৰে নিজৰ ভুল স্বীকাৰ কৰি ভৱিষ্যতে এই ক্ষেত্ৰত অধিক সতৰ্ক হ’ব বুলি প্ৰকাশ কৰে।

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশৰ স্বত্তেও বৰপেটা জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে একাংশ চৰকাৰী কাৰ্যালয়েও পাৱাৰলুমৰ গামোছা ব্যৱহাৰ কৰি থকাৰ পৰিপ্ৰেক্ষিতত জিলা উপায়ুক্ত‌ই ইয়াৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিবলৈ যোৱা সপ্তাহত প্ৰতিটো ৰাজহ চক্ৰ অঞ্চলৰ বাবে বাবে সুকীয়া সুকীয়া কৈ বলবৎকাৰী বাহিনী গঠন কৰি দিছে। চক্ৰ বিষয়াক অধ্যক্ষ হিচাপে লৈ গঠন কৰা এই সমিতিত হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ সহকাৰী সঞ্চালক, ৰেচম বিভাগৰ সহকাৰী সঞ্চালক, সংশ্লিষ্ট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আদিও আছে। সমিতিয়ে অচিৰেই অভিযান আৰম্ভ কৰিব বুলি জানিবলৈ দি বৰপেটা জিলাৰ হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ সহকাৰী সঞ্চালক মজিবুৰ ৰহমানে কয় যে, ইতিমধ্যে এই সম্পৰ্কত সকলো বজাৰ সমিতি তথা পাইকাৰী ব্যৱসায়ীক অৱগত কৰা হৈছে। উল্লেখযোগ্য যে, জিলা জনসংযোগ বিষয়া শৰ্মাই ইয়াৰ পূৰ্বেও সভাই সমিতিয়ে যন্ত্ৰ চালিত তাঁতশালত বোৱা গামোছা ব্যৱহাৰৰ বিৰুদ্ধে মুকলিকৈ আহ্বান জনাই অহা পৰিলক্ষিত হৈছে। কালিৰ সভাৰ বিষয়টোৱে জিলা প্ৰশাসনৰ বিভিন্ন মহলত বেচ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা দেখা গৈছে।

You might also like