নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা উন্নয়ন খণ্ডৰ কাৰ্যালয় এয়া… পিছে বিষয়া-কৰ্মচাৰীৰ উপস্থিতি শূন্য

মানকাচৰৰ দক্ষিণ পাৰৰ নস্কৰা জামাদাৰহাট উন্নয়ন খণ্ডৰ কাৰ্যালয়ক লৈ এতিয়া চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। অভিযোগ অনুসৰি, এই চৰকাৰী কাৰ্যালয়টো কেৱল নামতহে চলি আছে। মাহৰ পিছত মাহ ধৰি কাৰ্যালয়টোত কোনো উচ্চপদস্থ বিষয়া বা কৰ্মচাৰীৰ উপস্থিতি দেখা নাযায়, যাৰ ফলত কাৰ্যালয়টোৰ কাম-কাজ সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে।

স্থানীয় ৰাইজৰ অভিযোগ মতে, কাৰ্যালয়টোত কেৱল দুই-এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাদে আন কোনো বিষয়া উপস্থিত নাথাকে। ফলত বিভিন্ন কামৰ প্ৰয়োজনত দূৰ-দূৰণিৰ পৰা অহা ৰাইজে ঘণ্টাৰ পিছত ঘণ্টা ধৰি অপেক্ষা কৰিও বিষয়াৰ মুখ দেখা নাপায় আৰু অৱশেষত হতাশ হৈ উভতি যাবলৈ বাধ্য হয়।

আজি নৈপৰীয়া ৰাইজে অঞ্চলটোৰ বিভিন্ন সমস্যাৰ সমাধানৰ বাবে খণ্ড উন্নয়ন বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ কাৰ্যালয়ত উপস্থিত হয় যদিও বিষয়াক লগ নাপাই ক্ষোভত ফাটি পৰে।

আন এক গুৰুতৰ অভিযোগ অনুসৰি, উন্নয়ন খণ্ডটোৰ চৌহদতে আটকধুনীয়া চৰকাৰী কোৱাৰ্টাৰ থকাৰ পিছতো কোনো অজ্ঞাত কাৰণত ধুবুৰী চহৰৰ পৰা এটা অস্থায়ী ভাড়াতীয়া ঘৰৰ পৰা কাৰ্যালয়টো চলাই থকা হৈছে।

এই দুৰবস্থাৰ বাবে সাধাৰণ ৰাইজে প্ৰতিটো কামৰ বাবে নদী পথেৰে বিপদসংকুল যাত্ৰা কৰি যন্ত্ৰচালিত নাৱেৰে ধুবুৰীলৈ যাব লগা হয়, যিটো অতি কষ্টকৰ আৰু ব্যয়বহুল। প্ৰশাসনৰ এনে দায়িত্বহীন আচৰণত অতিষ্ঠ হৈ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে অতি শীঘ্ৰে মুখ্যমন্ত্ৰী আৰু পঞ্চায়ত মন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে।

বিষয়াসকলক নিজৰ কৰ্তব্যস্থলীৰ পৰা কাম কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে কাৰ্যালয়টো পুনৰ নস্কৰাত সক্ৰিয় কৰি তুলিবলৈ চৰকাৰৰ ওচৰত সজোৰে দাবী জনাইছে।

নিয়মীয়া বাৰ্তা, মানকাচৰ, ৩ জুন

You might also like