নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ শুকুৰবাৰে দিল্লী চৰকাৰৰ স্বাস্থ্য বিভাগে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি দিল্লীত এতিয়াৰে পৰা মাস্ক পৰিধান নকৰিলে জনতাৰ ওপৰত কোনোধৰণৰ জৰিমনা আৰোপ কৰা নহয়। অৱশ্যে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই (ডিডিএমএ) বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত নতুনকৈ কভিড-১৯ ৰোগীৰ সংখ্যা যথেষ্ট হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকৰ জৰিমনা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়। লেফটেনেণ্ট গভৰ্ণৰ (এলজি) অনিল বৈজালৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত অংশগ্ৰহণকাৰীসকলৰ মাজত কভিড সম্পৰ্কীয় সকলো নিষেধাজ্ঞা উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখ্য যে পূৰ্বে দিল্লীৰ ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰাৰ বাবে ৫০০ টকাৰ জৰিমনা আছিল। দেশত সংক্ৰমণৰ নতুন ঘটনাৰ সংখ্যা তীব্ৰ হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰই বৰ্তমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক কভিডৰ নীতি-নিৰ্দেশনা প্ৰত্যাহাৰ কৰাৰ বিষয়ে বিবেচনা কৰিবলৈ পৰামৰ্শ দিছিল।