নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভীষণ ব্যস্ততা! সৰুদৈয়া জাপি তৈয়াৰৰ অঘোষিত প্ৰতিযোগিতা…

অৰূপ ৰঞ্জন বৰ্মন, নলবাৰী, ৪ এপ্ৰিলঃ আৰু মাত্ৰ কেইদিনমানৰ পাছতেই হেঁপাহৰ ব’হাগ বিহু।বাপতি সাহোন বিহুটিকলৈ যিদৰে কঁকালত টঙালী বান্ধি সাজু হৈছে ঢুলীয়া-নাচনী, ঠিক সেইদৰে ব্যস্ত হৈ পৰিছে সাতামপুৰুষীয়া নলবাৰীৰ জাপি শিল্পীসকল। জিলাখনৰ দক্ষিণ প্ৰান্তৰ তিলানা, বালামুগকুছি, এলেংগীদল, দিঘেলী, সূতাৰকুছি আদি গাঁৱৰ প্ৰায় পাঁচ শতাধিক জাপি শিল্পীৰ পৰিয়ালত ৰঙালী বিহুৰ প্ৰাকক্ষণত মূৰ তুলিবলৈ সময় নোহোৱা হৈছে। গাওঁ কেইখনত দিনে-ৰাতিয়েই চলিছে সৰুদৈয়া জাপি তৈয়াৰৰ অঘোষিত প্ৰতিযোগিতা। ব’হাগ বিহুত বিক্ৰী কৰাৰ আশাৰে গাওঁখনৰ জাপি-শিল্পী পৰিয়ালে সাজি উলিয়াইছিল হাজাৰ-হাজাৰ ফুলাম জাপি। শিল্পীসকলক যোৱা দুটা বছৰ ক’ভিডসৃষ্ট পৰিস্থিতিয়ে জুৰুলা কৰাৰ পিছত এইবাৰ এনে জাপি তৈয়াৰ কৰি দুপইচা পোৱাৰ আশাত উৎসাহেৰে পৰিয়ালসমূহ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। শিল্পী পৰিয়ালসমূহৰ হাতৰ পৰশত তৈয়াৰ হৈ উঠা ফুলাম জাপিসমূহ বজাৰত বিক্ৰী কৰি দুই পইচা লাভ পোৱাৰ আশা বুকুত লৈয়ে ন-উদ্দ্যমেৰে আগবাঢ়িছে মৃৎশিল্পীসকল। গাওঁখনৰ পুৰুষৰ সমানে মহিলা সকলো জড়িত হৈ পৰে জাপি  তৈয়াৰত। গৌৰৱৰ বিষয় যে, অসমৰ ভিতৰতে জাপি শিল্পৰে অখ্যাত এই গাওঁকেইখনত আজো-ককাৰ দিনৰ পৰাই পৰিয়ালসমূহে এই  শিল্প বিধৰ লগত জড়িত হৈ আছে। তেওঁলোকৰ হাতৰ চানেকীত তৈয়াৰী জাপিসমূহ স্থানীয়ভাৱে বিক্ৰী কৰাৰ লগতে গুৱাহাটী, শিৱসাগৰ, ডিব্ৰুগড় ,ধেমাজি, মাজুলী, জোনাই, তিনিচুকীয়া, চিলাপথাৰ আদি বিভিন্ন জিলালৈ আমদানি হয়। ইতিমধ্যে পৰিয়ালসমূহে এক বৃহৎ সংখ্যক ফুলাম জাপি তৈয়াৰ কৰি বিক্ৰীৰ বাবে সাজু কৰি ৰাখিছে।
You might also like