নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভগৱানৰ দাম নিৰ্ধাৰণ! ডিব্ৰুগড়ৰ খনিকৰ জগন্নাথ মন্দিৰত পূজাৰ বাবদ মেনুকাৰ্ড, তীব্ৰ প্ৰতিক্ৰিয়া

বিশেষ বাৰ্তা, ডিব্ৰুগড়, ৪ এপ্ৰিলঃ ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত বৰবৰুৱা উন্নয়ন খণ্ডৰ এলেকাধীন খনিকৰত অৱস্থিত জগন্নাথ মহাপ্ৰভুৰ মন্দিৰৰ চৌহদত প্ৰতিটো পূজাৰ বাবদত মেনুকাৰ্ড সম্বলিত বেনাৰ স্থাপন কৰাক লৈ  ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ ভকত তথা দৰ্শনাৰ্থীৰ মাজত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, জগন্নাথ মন্দিৰ চৌহদত আঁৰি থোৱা বেনাৰখনত শ্ৰীশ্ৰী জগন্নাথ সাংস্কৃতিক ন্যাস সমিতিয়ে প্ৰতিটো পূজাৰ বাবদত বিভিন্ন দৰ দাম নিৰ্ধাৰণ কৰিছে। সেই অনুসৰি সপৰিয়ালে পূজা কৰিলে ২০১টকা, দুচকীয়া নতুন বাহনলৈ পূজা কৰিলে ২০১ টকা, চাৰিচকীয়া বাহনৰ বাবদত ৫০১ টকা, মৃতকৰ পৰিয়ালে মূণ্ডন আৰু ভোগ কৰিবলৈ ১,১০০টকা, প্ৰতিদিনৰ ভোগ প্ৰসাদৰ বাবদত ১,১০০ টকা, ৰূদ্ৰ তিলক অভিষেক কৰাৰ বাবদত ৫০১ টকা, বিয়াৰ বাবে প্ৰেক্ষাগৃহ ব্যৱহাৰ বাবদত ১১,০০০ টকা আৰু যজ্ঞ পদ্ধতিৰে বিবাহৰ মণ্ডৱ সাজি বিবাহৰ অনুষ্ঠান সম্পন্ন কৰাৰ বাবদত ৫,১০০ টকা ভৰিব লাগিব বুলি জগন্নাথ মন্দিৰৰ চৌহদৰ বেনাৰত মেনুকাৰ্ড সম্বলিত কৰি আঁৰি থোৱা দেখা গৈছে। ডিব্ৰুগড় জিলাৰ খনিকৰত অৱস্থিত জগন্নাথ মন্দিৰৰ চৌহদত ঈশ্বৰ দৰ্শনৰ ক্ষেত্ৰত শ্ৰীশ্ৰী জগন্নাথ সাংস্কৃতিক ন্যাস সমিতিয়ে পূজাৰ বাবদত দৰদাম নিৰ্ধাৰণ কৰা বেনাৰ লগোৱাৰ পিছতেই সচেতন মহলৰ উপৰিও ভকত দৰ্শনাৰ্থীৰ মাহত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ডিব্ৰুগড় জিলাৰ বকপৰা, লাহোৱাল, মানকটা, লেকাই, খনিকৰ, ডুলীয়া, চিৰিংডাইনীজান, মিলন  নগৰ, নিজমানকটা, বৰবৰুৱা, লেজাই, জামিৰা খোৱাং আদিৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। স্থানীয় ৰাইজ ঈশ্বৰ দৰ্শনৰ নামত ধৰ্মক ব্যৱসায়ত পৰিণত কৰা কাৰ্যত অতীষ্ট হৈ পৰিছে। এই ক্ষেত্ৰত ডিব্ৰুগড় জিলাৰ উপায়ুক্তক তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিবলৈ দৰ্শনাৰ্থী আৰু ভকত বৈঞ্চব সমাজে আহবান জনাইছে।
You might also like