নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত ১৫ বছৰ ঊর্ধ্বৰ ২১.৪ শতাংশৰ সম্পূর্ণ হোৱা নাই ক’ভিড টিকাকৰণ

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ বিশ্বজুৰি ক’ভিড–১৯ৰ বিৰুদ্ধে এতিয়াও যুঁজ অব্যাহত আছে৷ পিছে ইয়াৰ মাজতে অতি উদ্বেগজনক বিষয়টো হৈছে অসমৰ ১৫ বছৰ ঊর্ধ্বৰ ২১.৪ শতাংশ লোকৰ এতিয়াও সম্পূর্ণ টিকাকৰণ হোৱা নাই৷ কেৱল এয়াই নহয়, যোৱা বছৰতেই এশ শতাংশ প্রথম পালি টিকাকৰণৰ লক্ষ্য লোৱা অসম চৰকাৰে এতিয়াও ৰাজ্যৰ ১৫ বছৰ ঊর্ধ্বৰ ৮.৬ শতাংশ লোকক প্রথম পালি টিকাও প্রদান কৰিব পৰা নাই৷

দেওবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা পৰিসংখ্যাত এই তথ্য পোহৰলৈ আহিছে৷ তথ্য অনুসৰি সামগ্রিকভাৱে অসমসহ উত্তৰ–পূর্বাঞ্চলৰ আটাইকেইখন ৰাজ্যই টিকাকৰণ অভিযানত পিছপৰি থকা পৰিলক্ষিত হৈছে৷ অসমক বাদ দি ছিকিমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ আন ৭খন ৰাজ্যৰ মাত্র ৪২.৫ শতাংশ যোগ্য ব্যক্তি এতিয়াও সম্পূর্ণৰূপে টিকা লাভৰ পৰা বঞ্চিত হৈ আছে৷ প্রথম পালি টিকাৰ পৰা বঞ্চিত হৈ আছে ২৮.৩ শতাংশ লোক৷ ইয়াৰ বিপৰীতে অন্ধ্রপ্রদেশ, জম্মু–কাশ্মীৰ, হিমাচল প্রদেশৰ এশ শতাংশ যোগ্য ব্যক্তিয়ে দুয়ো পালি টিকা লাভ কৰিছে৷ এহ তিনিখন ৰাজ্যৰ বাহিৰে এশ শতাংশ প্রথম পালি টিকা লাভ কৰা ৰাজ্যসমূহ হৈছে তেলেংগানা, কর্ণাটক, দিল্লী, হৰিয়ানা আৰু উত্তৰ প্রদেশ৷ আনহাতে, অসমকে ধৰি টিকাকৰণ অভিযানত তুলনামূলকভাৱে পিছপৰি থকা ৰাজ্যসমূহ হৈছে– ঝাৰখণ্ড, বিহাৰ, পঞ্জাব, মহাৰাষ্ট্র আৰু তামিলনাডু৷

You might also like