নিয়মীয়া বাৰ্তা, ইটাখোলা, ৫ এপ্ৰিলঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টৌভঙাৰ সমীপৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ অতিকৈ পুৰণি জীয়া ভৰলী নদীৰ দলঙখন হৈ পৰিছে এখন বিপদ সাঁঁকো। হাতৰ মুঠিত জীৱনটো লৈ দলংখন অতিক্ৰম কৰিছে জনসাধাৰণে। তেজপুৰ, লক্ষীমপুৰ তথা অৰুনাচললৈ যোগাযোগৰ একমাত্ৰ বৃহৎ দলংখনত বৰ্তমান সৃষ্টি হৈছে প্ৰকাণ্ড গাঁঁত। যাৰ ফলত যিকোনো মুহুৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা বৃদ্ধি পাইছে। আজি কিছুদিন আগলৈ দলঙখনৰ মাজমজিয়াত খলপা-খলপে পকী অংশ এৰাই তলত থকা লোহাৰ ৰ’ড ওলাই পৰাত দুৰ্ঘটনাৰ শংকা দুগুণে বৃদ্ধি পোৱাত বিভাগে দলঙখনৰ মেৰামতি কৰিছিল যদিও সম্প্ৰতি পুনৰ দলঙখনৰ ওপৰত সৃষ্টি হৈছে জৰাজীৰ্ণ গাঁত। বিগত সময়বোৰত দলং খনৰ ওপৰত সঘনে যান-বাহন দুৰ্ঘটনাত পতিত হৈ গুৰুতৰ ভাৱে আহত হৈ আহিছে বহু জন। সংশ্লিষ্ট বিভাগে কণা হাঁহক পতান দিয়াৰ দৰে নিম্নমানৰ কামেৰে দলংখনৰ মেৰামতি কৰে যদিও কেইদিনমান পিছতে দলংখনৰ অৱস্থা তথৈবচ হৈ পৰে। উল্লেখযোগ্য যে শোণিতপুৰ জিলাৰ লগতে বিশ্বনাথ, লক্ষীমপুৰ, ধেমাজিৰ আৰু অৰুণাচল প্ৰদেশৰ এটা অংশলৈ এই দলং ওপৰেদিয়েই দৈনিক হাজাৰ-হাজাৰ সৰু-বৰ গাড়ী অহা যোৱা কৰে যদিও দলংখনৰ ওপৰত সঘনে সৃষ্টি হোৱা এই বিপদজনক অংশৰ মেৰামতিৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে এতিয়াও কোনো ধৰণৰ সন্তুষজনক পদক্ষেপে গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। উল্লেখ্য যে চীনা যুদ্ধৰ পাছত ১৯৬২ চনতেই নিৰ্মাণ হোৱা উত্তৰ অসমৰ এই পুৰণি দলঙখনে সম্প্ৰতি বহন ক্ষমতা হেৰুৱাই পেলোৱা বুলিও ৰাইজে অভিযোগ কৰিছে।