চিনিয়ৰ ৰাষ্ট্ৰীয় কেৰমত চেম্পিয়ন অসমৰ দল
নিয়মীয়া বাৰ্তা, সোণাপুৰ, ৬ এপ্ৰিলঃ ২০২১-২২ বৰ্ষৰ চিনিয়ৰ ৰাষ্ট্ৰীয় কেৰম প্ৰতিযোগিতাখন যোৱা ৩০ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ পাঁচদিনীয়াকৈ মুম্বাই দাদৰত অনুষ্ঠিত হয়। সমগ্ৰ দেশৰ ২৫ টা ৰাজ্যিক দল আৰু ১৩ টা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত পোন প্ৰথমবাৰৰ বাবে অসমৰ ৰাজ্যিক কেৰম দলটো পুৰুষৰ দলীয় শাখাত চেম্পিয়ন হ’বলৈ সক্ষম হয়। পুৰুষৰ দলীয় শাখাত অসমে উত্তৰ প্ৰদেশক পৰাস্ত কৰি চূড়ান্ত বিজয়ী সন্মান লাভ কৰে। অসমৰ এই পুৰুষ দলটোত আছে- সঞ্জীৱ নেৱাৰ(মেনেজাৰ), যুগল কিশোৰ দত্ত, বিকি সিং, চনো চৌধুৰী, মুজিবুৰ ৰহমান, ৰঞ্জিত বৈশ্য আৰু অখলাশ আহমেদ। অসম দলৰ যুগল কিশোৰ দত্তই দেশৰ ভিতৰত সপ্তম স্থান দখল কৰিবলৈ সক্ষম হয়। আনহাতে, মহিলাৰ দলীয় শাখাত মহাৰাষ্ট্ৰই তামিলনাডু দলক পৰাস্ত কৰি চূড়ান্ত বিজয়ী সন্মান লাভ কৰে। এই প্ৰতিযোগিতাখনত আন্তৰাষ্ট্ৰীয় কেৰম ফেডাৰেচনৰ সভাপতি জোচেফ মেয়েৰ, সৰ্বভাৰতীয় কেৰম ফেডাৰেচনৰ সভাপতি ৰকিবুল হুছেইনসহ কেইবাগৰাকীও ৰাষ্ট্ৰীয় কেৰম ফেডাৰেচনৰ বিষয়ববীয়া উপস্থিত থাকে।