নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ আগন্তুক গণৰাজ্য দিৱসত দেশৰ ৰাজধানী নতুন দিল্লীত আয়োজিত হ’বলগীয়া কেন্দ্রীয় অনুষ্ঠানলৈ বৰ্তমান যুদ্ধংদেহী প্ৰস্তুতি চলিছে । পেৰেডত অংশগ্ৰহণৰ বাবে সেনাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও সম্পূৰ্ণ অনুশীলন অব্যাহত ৰাখিছে ।
ইপিনে পূৰ্বৰ পৰম্পৰা ভংগ কৰি এই বছৰ প্ৰথম বাৰৰ কাৰণে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অমৰ জোৱান জ্যোতিৰ বিপৰীতে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত মাল্যাৰ্পণ কৰিব । য’ত তেওঁৰ সৈতে ভাৰতৰ প্ৰতিৰক্ষা প্ৰধান (চিডিএচ) আৰু তিনিও সেনা বাহিনীৰ প্ৰধান উপস্থিত থাকিব ।
যাৰ বাবে এই বৰ্ষত গণতন্ত্ৰ দিৱসৰ পেৰেডৰ সময়ত পূৰ্বৰ ব্যস্ততা দেখিবলৈ পোৱা নাযাব ইণ্ডিয়া গেটৰ সমীপত অৱস্থিত অমৰ জোৱান জ্যোতিত ।
গণতন্ত্ৰ দিৱসৰ পেৰেড কামাণ্ডাৰ মেজৰ জেনেৰেল আলোক কাক্কৰে আজি জনায় যে- প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰীয়ে গণতন্ত্ৰ দিৱসত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত পৰিদৰ্শন কৰিব । য’ত তেওঁক চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট আৰু তিনিও সেনা বাহিনীৰ প্ৰধানে আদৰিব ।
Republic Day deputy parade commander Major General Alok Kakkar: This year, for the first time Prime Minister Narendra Modi will lay wreath at the National War Memorial where he would be received by the Chief of Defence Staff and the three services chiefs. pic.twitter.com/eWXHcwpNNe
— ANI (@ANI) January 23, 2020
লগতে মেজৰ জেনেৰেল আলোক কাক্কৰে কয়- “আৰ্মি এয়াৰ ডিফেন্স কর্পছে প্রথমবাৰৰ বাবে মার্চিং দলৰ ৰূপত পেৰেডত অংশ ল’ব । য’ত সেনাৰ কেপ্টেইন তানিয়া ছেৰগালে ইয়াৰ নেতৃত্ব দিব ।”