নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সদৌ বালিপৰা ৰঙালী বিহু মেলা কমিটীলৈ ৰাজ্য চৰকাৰৰ ডেৰ লাখৰ আৰ্থিক সাহায্য

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ শোণিতপুৰৰ বালিপৰাৰ সদৌ বালিপৰা ৰঙালী বিহু মেলা কমিটীয়ে আজি ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিছে ডেৰ লাখ টকা এককালীন আৰ্থিক সাহায্য । উল্লেখ্য যে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ দহ বছৰ অতিক্ৰম কৰা বিহু কমিটিসমূহলৈ এককালীনভাৱে ডেৰ লাখকৈ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল । আজি তেজপুৰত শোণিতপুৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ পৰা সদৌ বালিপৰা ৰঙালী বিহু মেলা স্থায়ী কমিটীৰ হৈ সভাপতি হিৰোজ শইকীয়া আৰু সম্পাদক ৰঞ্জন কুমাৰ দাসে ডেৰ লাখ টকাৰ চেকখন আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে। লগত উপস্থিত থাকে ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী ।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like