নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউত বিষাক্ত কাঠফুলা খাই দুই কিশোৰ-কিশোৰীসহ আঠজন অসুস্থঃ সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ

বিশেষ বাৰ্তা, ৭ এপ্ৰিল : সোণাৰি থানাৰ অন্তৰ্গত ২ নং লালতিপথাৰ অঞ্চলত বিষাক্ত কাঠফুলা ভক্ষণ কৰাৰ ফলত দুই কিশোৰ-কিশোৰীসহ মুঠ আঠজন লোক গুৰুতৰভাৱে অসুস্থ হৈ সম্প্রতি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত থকাৰ এক বাতৰি পােৱা গৈছে । প্রাপ্ত তথ্য মতে, বিষাক্ত কাঠফুলা ভক্ষণ কৰা ফলত অসুস্থ হােৱা লোকসকল ক্ৰমে অজয় কর্মকাৰ (১০), ৰীমা কর্মকাৰ (৩২), চয়নিকা কর্মকাৰ (১২), জানকি প্ৰজা (৩৪), চম্পা কর্মকাৰ (৩৬), সৰুমাই কর্মকাৰ (৩৮) জ্যোৎস্না গড় (৩৩) আৰু ৰীতা কেউট (৩১) । জানিব পৰা মতে , কালি দুপৰীয়াৰ ভাগত বাগিচাত কেঁচা চাহপাত ছিঙি থাকোঁতে বাগিচাত মহিলাকেইগৰাকীয়ে এই কাঠফুলাসমূহ বুটলি আনি ৰান্ধি তাতে একেলগে নিজৰ সন্তানক লৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। সন্তানসহ মহিলাকেইগৰাকীয়ে বনৰীয়া কাঠফুলা বুটলি আনি আহাৰৰ সৈতে ভক্ষণ কৰা পিছতে নিশালৈ সকলােৰে বমি হ’বলৈ ধৰে । নিশাই সকলোকে স্থানীয় ৰাইজৰ সহযোগত চৰাইদেউ অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে অনা হয় । কিন্তু সকলোৰে অৱস্থা ক্ৰমাৎ সংকটজনক হৈ পৰাত আজি পুৱা চিকিৎসকে সকলোকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। সম্প্রতি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা সকলোৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।
প্ৰেৰক দীপাংকৰ পাল

You might also like