নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজসাহায্যৰ সাৰেৰে কাছাৰত ক’লা বজাৰ

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ কৃষকসকলৰ বাবে যোগান ধৰা ৰাজসাহায্যযুক্ত সাৰৰ নামত ৰাজ্যত চলি অহা অবৈধ ব্যৱসায়ক লৈ বিধানসভাৰ মজিয়া উত্তাল হোৱাৰ লগতে চি আই ডিত ৰুজু হৈছে এটা গোচৰ৷ ইয়াৰ মাজতে এই সাৰ কেলেংকাৰিক লৈ এইবাৰ আন এটা গোচৰ ৰুজু হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ত৷ বিশেষকৈ কাছাৰ জিলাত ৰাজসাহায্যযুক্ত সাৰৰ ক’লা বজাৰক লৈ দৃষ্টি আকর্ষণ কৰি উচ্চ ন্যায়ালয়ত   দাখিল কৰা হৈছে এখন ৰাজহুৱা স্বার্থজড়িত আবেদন (পি আই এল)৷ এই আবেদনখনত উল্লেখ কৰা অনুসৰি একাংশ ডীলাৰে কৃষকসকলক বঞ্চিত কৰি অত্যধিক দামত বিক্রী কৰি আহিছে ৰাজসাহায্যযুক্ত সাৰ৷ একাংশ ডীলাৰে ভুৱা নথিৰ জৰিয়তে ভুৱা কৃষকৰ নামত জিলাখনত গঢ়ি তুলিছে ৰাজ্যসাহায্যযুক্ত সাৰৰ ক’লা সাম্রাজ্য৷ আনকি মিজোৰাম হৈ ম্যানমাৰলৈ অবৈধভাৱে জিলাখনৰ পৰা ৰাজসাহায্যযুক্ত সাৰ স্মাগলিং কৰা হয় বুলিও উল্লেখ কৰা হৈছে এই আবেদনত৷ চৰকাৰৰ নীতি–নির্দেশনা ভৰিৰে মোহাৰি কাছাৰত গঢ়ি উঠিছে এই বৃহৎ সাৰৰ ক’লা বজাৰ৷

ৰাজসাহায্যযুক্ত সাৰৰ নামত প্রকৃত কৃষকক বঞ্চিত কৰি ক’লা বজাৰত বিক্রীৰ জৰিয়তে লাখ লাখ টকা মুনাফা লাভ কৰা বিষয়টো কেইবাবাৰো সংশ্লিষ্ট কর্তৃপক্ষৰ দৃষ্টিগোচৰ কৰা হৈছিল যদিও কোনো ব্যৱস্থা গ্রহণ নকৰাত ছাহিদ আহমেদ বৰভূঞা নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত আবেদনখন দাখিল কৰিছে৷ উল্লেখ্য যে ২০২১ চনৰ ২৭ আগষ্টত ৰাজ্য চৰকাৰৰ কৃষি সঞ্চালকে সাৰ বিতৰণৰ ক্ষেত্রত এখন এছ অ’ পি জাৰি কৰিছিল৷ অবৈধ সাৰৰ বিতৰণ বন্ধ কৰাৰ বাবে পাইকাৰী বিক্রেতাক সর্বাধিক ২০০ মেট্রিকটন আৰু খুচুৰা বিক্রেতাক সর্বাধিক ২০ মেট্রিকটন সাৰ জমা ৰখাৰহে নির্দেশ দিয়া হৈছিল৷ কিন্তু কাছাৰ জিলাত এই এছ অ’ পি উলংঘা কৰি একাংশ ডীলাৰে অধিক সাৰ মজুত কৰি গঢ়ি তুলিছে ক’লা বজাৰ৷ ভুৱা নথি ব্যৱহাৰ কৰি এই বিক্রেতাসকলে অধিক পৰিমাণৰ সাৰ বিক্রী কৰি আহিছে৷ পাইকাৰী আৰু খুচুৰা ব্যৱসায়ী উভয়ে অৱজ্ঞা কৰি আহিছে কৃষি বিভাগে জাৰি কৰা এছ অ’ পি৷ সেয়েহে এইক্ষেত্রত এক নির্দেশনা প্রদানৰ প্রার্থনাৰে দাখিল কৰা হৈছে এই আবেদনখন৷

You might also like