অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী, ৯ এপ্ৰিলঃ আজিৰ অশোকাষ্টমীৰ এই বিশেষ দিনটোত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বিভিন্ন পাৰঘাটত সৃষ্টি হয় বিৰ দি বাট নোপোৱা অৱস্থা। প্ৰতিকূল বতৰকো নেওচি ধুবুৰীসহ জিলাখনৰ বিভিন্ন প্ৰান্তৰ উপৰিও চুবুৰীয়া পশ্চিমবংগৰ বিভিন্ন স্থানৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে পুৱতি নিশাৰ পৰাই ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বিভিন্ন পাৰঘাটত পূজা–অৰ্চনা কৰাৰ সমান্তৰালকৈ পাপ খণ্ডনৰ বাবে বৰ লুইতত গা ধোৱে। উল্লেখ্য যে, ক’ভিডৰ বাবে বিগত দুবছৰে অশোকাষ্টমীৰ স্নান কাৰ্যসূচী অনুষ্টুপীয়াকৈ অনুষ্ঠিত হৈছিল যদিও এইবাৰ কিন্তু ধুবুৰীত অভূতপূৰ্ব পুন্যাৰ্থীৰ আগমণ ঘটা দেখা যায়। আজিৰ এই অষ্টমীৰ স্নানত অংশ ল’বলৈ কালি বিয়লিৰ পৰাই দূৰ-দুৰণিৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ থকাৰ বাবে জিলা প্ৰশাসনে চহৰখনৰ বিভিন্ন বিদ্যালয়ত ব্যৱস্থা কৰিছে। তদুপৰি ধুবুৰী কালীবাৰী, যোগমায়া মন্দিৰ আদিকে ধৰি বিভিন্ন অনুষ্ঠান–প্ৰতিষ্ঠানেও বাহিৰৰ পৰা অহা ভক্তসকলক থকাৰ আৰু নিশাৰ আহাৰৰ ব্যৱস্থা কৰে। আজি পুৱতি নিশাৰ পৰা প্ৰশাসন আৰু আৰক্ষীৰ তত্বাবধানত সুকলমে ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বিভিন্ন পাৰঘাটত হাজাৰ হাজাৰ পুণ্যাৰ্থীয়ে অষ্টমী স্নানত অংশ লয়। উল্লেখ্য যে, আজিৰ এই অষ্টমীৰ স্নানৰ সমান্তৰালকৈ কালি বিয়লিৰ পৰাই ধুবুৰীৰ মেলা ময়দানত আৰম্ভ হৈছে ১৫ দিনীয়া অশোকাষ্টমী মেলা।