এনকাউন্টাৰৰ ভয়! চিৰাঙৰ ডকাইতি কাণ্ডৰ সৈতে জড়িত ৩ জনৰ আত্মসমৰ্পণ
নিয়মীয়া বাৰ্তা, ৯এপ্ৰিল: সাধাৰণ জনতাক মৃত্যুৰ ভাবুকি দি লুন্ঠন চলোৱা অপৰাধী এতিয়া নিজেই মৃত্যু ভয়ত কম্পমান। অপৰাধী চক্ৰৰ বিৰুদ্ধে চিৰাং আৰক্ষীয়ে অব্যাহত ৰখা তীব্ৰ অভিযান আৰু একাধিক এনকাউন্টাৰৰ পিছত চিৰাঙত অপৰাধ মূলক কাৰ্য্যৰ সৈতে জড়িত সকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ আতংক। যাৰ ফলশ্ৰুতিত আজি চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্তী আমগুৰি থানাত তিনি জনকৈ যুৱকে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। যুৱক তিনি জন ইতিমধ্যে চিৰাং আৰক্ষীৰ অভিযানত নিহত দুৰ্ধৰ্ষ ডকাইত মহন্ত নাৰ্জাৰীৰ সহোগী তথা যোৱা ২৯ মাৰ্চৰ নিশা আমগুৰি থানাৰ অন্তৰ্গত দুখন গাঁৱৰ দুটা পৰিয়ালৰ ঘৰৰ চৌহদত পাঁচ জাঁই গুলী ফুটাই কেইবালাখ নগদ ধন আৰু সোণৰ অলংকাৰ লুটি নিয়া কাৰ্যৰ সৈতে জড়িত আছিল বুলি চিৰাং আৰক্ষীয়ে নিশ্চিত কৰে। আজি আমগুৰি থানাত বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰায়ৰ উপস্থিতিত আত্মসমৰ্পন কৰা ডকাইত তিনিজন ক্ৰমে দেবানন্দ নাৰ্জাৰী (৩৭), মদন দৈমাৰী (২৯) আৰু বিশ্ব মুছাহাৰী (২২) । পলাতক হৈ থকা অভিযুক্ত তিনিজনক চিৰাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছিল। অভিযান অব্যাহত ৰখাৰ সময়তে জিলা আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাই এখন সংবাদ মেলৰ জৰিয়তে জিলাখনৰ সমাজবিৰোধী তথা অপৰাধ মুলক কাৰ্যৰ সৈতে জড়িত সকলক আত্মসমৰ্পণ কৰাৰ বাবে আহ্বান জনাইছিল। অন্যথা আৰক্ষীয়ে তেওলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়নি দিছিল। আৰক্ষী অধীক্ষকৰ আহ্বানৰ প্ৰতি সহাৰি জনাই জীৱন ৰক্ষাৰ বাবে ডকাইতি কাণ্ডৰ সৈতে জড়িত তিনিও জনে আজি আত্মসমৰ্পণ কৰে বুলি জিলা খনৰ একাংশ সচেতন ৰাইজে মন্তব্য কৰে। উল্লেখ্য যে আত্মসমৰ্পন কৰা তিনিওজন প্ৰাক্তন এনডিএফবি সদস্য আৰু তিনিওজনে চৰকাৰৰ পুনঃসংস্থাপন আঁচনিৰ জৰিয়তে এককালীন আৰ্থিক সাহাৰ্য্যও লাভ কৰিছিল।
প্ৰেৰক:বিপুল কুমাৰ দাস।