নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত পাৰাস্তম্ভ ৪২.৪ ডিগ্রী চেণ্টিগ্রেডলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ প্রচণ্ড তাপদহনে দেশৰ ৰাজধানী মহানগৰ দিল্লীৰ জনসাধাৰণৰ জীৱন অসহনীয় কৰি তুলিছে৷ ৭২ বছৰৰ অভিলেখ ভংগৰে কালি এপ্রিল মাহৰ ৯ তাৰিখে ৪২.৪ ডিগ্রী চেলছিয়াছলৈ ঊর্ধ্বগামী হয় পাৰাস্তম্ভ৷ ১৯৫০ চনৰ পিছত এপ্রিল মাহত প্রথমবাৰলৈ তাপমাত্রা ৪২.৪ ডিগ্রী চেণ্টিগ্রেডলৈ বৃদ্ধি পাইছে৷ লক্ষণীয়ভাৱে এপ্রিলৰ প্রথমভাগত দিল্লীত তাপমাত্র ৪০ ডিগ্রী চেণ্টিগ্রেডৰ ওপৰলৈ উঠিলে সেয়া অত্যধিক তাপমাত্রা হিচাপে গণ্য কৰা হয়৷ এইবাৰ ৭২ বছৰীয়া অভিলেখ ভংগ হোৱাৰ লগে লগে দিল্লীত গৰম অত্যধিক হ’ব বুলি ধাৰণা কৰা হৈছে৷

You might also like