নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধনৰ কেলেংকাৰিঃ অভিযোগ পোৱাৰ পিছতে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে চিআইডিয়ে

নিয়মীয়া বাৰ্তা, ১২-এপ্ৰিলঃ সংখ্যালঘু ছাত্ৰ ছাত্রীৰ শৈক্ষিক উত্তৰণৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীক দি আহিছে জলপানিৰ ধন। ইয়াৰে গইনা লৈ একাংশ বেংকৰ চিএছপিৰ স্বত্বাধিকাৰী, প্ৰধান শিক্ষক আৰু বিষয়া-কৰ্মচাৰীয়ে মিলি সংঘটিত কৰিছে ব্যাপক দুৰ্নীতি ৷ শেহতীয়াকৈ নগাঁও জিলাৰ লগতে অসমত সংখ্যালঘু ছাত্ৰ-ছাত্রীৰ জলপানিৰ নামত সংঘটিত হোৱা বহুকেইটা ভয়ংকৰ দুৰ্নীতিৰ তথ্য এখন সংবাদ মেলযোগে পোহৰলৈ আনিছিল কলিয়াবৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ ইমৰান হুছেইনে। যোৱা কিছু দিন পূৰ্বে অধ্যক্ষ ইমৰান হুছেইনে সংখ্যালঘু উন্নয়ন-পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী মুক্তাৰ আব্বাছ নাকভীক সাক্ষাৎ কৰি অসমত সংগঠিত হোৱা ছাত্ৰ বৃত্তিৰ কেলেংকাৰিৰ কথা লিখিত বাবে অৱগত কৰিছিল। তাৰ পাছতেই দেখিবলৈ পোৱা গৈছে ব্যাপক তৎপৰতা। সোমবাৰে চিআইডিৰ অভিযানত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আটক হৈছে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ লগত জড়িত থকা ৯গৰাকীকৈ বেংক চিএছপিৰ স্বতাধিকাৰী। শীঘ্ৰেই ঘটনাৰ লগত জড়িত থকা আৰু বহুকেইটা ৰৌ-বৰালি চিআইডিৰ‌ অনুসন্ধানত আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে।

প্ৰেৰক জহিৰুল ইছলাম

You might also like