নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তালগুৰী-বাসুগাঁও পথত নীতি-নিয়ম উলংঘাৰে শিল-বালিভৰ্তি গধুৰ যানবাহনৰ অবাধ চলাচলঃ পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে

নিয়মীয়া বাৰ্তা, বইটামাৰীৰ, ১৩ এপ্ৰিলঃ বঙাইগাঁও জিলাৰ ১৭ নং ৰাষ্ট্ৰীঘাইপথৰ তালগুৰীৰ পৰা ধনতোলা-বিদ্যাপুৰ হৈ বাসুগাঁৱলৈ যোৱা লোকনিৰ্মাণ বিভাগৰ পথটোৰে বিভাগীয় নীতি-নিয়ম উলংঘা কৰি দিনে-নিশাই শিল-বালিভৰ্তি ট্ৰেইলৰ, ট্ৰাক আদি গধুৰ যান-বাহনসমূহ চলাচল কৰি থকা স্বত্ত্বেও বন বিভাগ তথা পৰিবহন বিভাগে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ৰাইজৰ বহুবাৰ অভিযোগৰ পিছতো বিভাগীয় কৰ্তৃপক্ষৰ নীৰৱ ভূমিকাক লৈ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে, পথটোৰে অত্যাধিক ওজনৰ মাল্টি এক্সেল বাহন চলাচল কৰাত বিভাগীয় নিষেধাজ্ঞা আছে যদিও একাংশ বিষয়াৰ আৰ্শীবাদত অবাধে পথটোত মাত্ৰাধিক ওজনৰ বালি কঢ়িয়াই গধুৰ যান-বাহন চলাচল কৰি আছে। অভিযোগ অনুসৰি,  চিৰাং জিলাৰ তিলকগাঁৱত চম্পাৱতী নৈৰ বালিৰ মহলৰ পৰা ট্ৰেইলৰ বাহনেৰে অবাধে দিনে-নিশাই বালি সৰবৰাহ হয়। বিভিন্ন সময়ত চৰকাৰক ৰাজহ ফাঁকি দি উপযুক্ত চালান নথকাকৈ এনেদৰে মাত্ৰাধিক পৰিমানৰ বালি সৰবৰাহ কৰাৰ অভিযোগ কৰিছে একাংশ ৰাইজে। ৰাইজৰ অভিযোগত প্ৰকাশ যে, অঞ্চলটোৰ কেইজনমান প্ৰভাৱশালী বালি মাফিয়াই বিভিন্ন পক্ষক মেনেজ কৰি দীৰ্ঘদিন ধৰি এনেদৰে বালিৰ অবাধ সৰবৰাহ কৰি আছে। তিলকগাৱঁৰ বালিৰ মহলটোতো ব্যাপক অনিয়মেৰে খনন কাৰ্য চলাই থকাৰ অভিযোগ ৰাইজৰ। একেদৰে উক্ত অঞ্চলতে থকা শিলৰ মহলৰ পৰা পথটোৰে বিভিন্ন বাহনত শিলৰ অবাধ সৰবৰাহ হয়। ইফালে, বঙাইগাঁও জিলা টেৰিটৰিয়েল পথ ডিভিজনৰ কাৰ্যালয়ৰ পৰা পূৰ্বে বঙাইগাঁও আই উপত্যকা বন সংমণ্ডল প্ৰাধিকাৰী, চিৰাং সংমণ্ডল বন প্ৰাধিকাৰী তথা বিদ্যাপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ উক্ত পথটোৰে মাল্টি এক্সেল বাহন চলাচল তথা দহ টনৰ অধিক ওজন কঢ়িওৱা বাহন চলাচলৰ অনুমতি নাই বাবে সেইক্ষেত্ৰত ব্যৱস্থা ল’বলৈ পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু ইমানৰ পিছতো পথটোৰে অব্যাহত থাকিল গধুৰ যান-বাহনৰ অবাধ চলাচল। দিনে-নিশাই অবাধে গধুৰ যান-বাহন সমূহ অবাধে চলাচল কৰাৰ ফলত পথটোৰ অৱস্থা শোচনীয় হৈ পৰাৰ লগতে পথটোৰে যাতায়ত কৰাত লোকসকল ভীষণ সমস্যাৰ সম্মুখীন হৈছে। ইফালে যোৱা প্ৰায় এপষেক ধৰি নামনি অসমত ধাৰাষাৰে বৰষুণ দি থকাৰ ফলত বৰ্তমান পথটোত বৃহৎ বৃহৎ গাতৰ সৃষ্টি হৈ গোটেই ছোৱা পথ এক পুখুৰী সদৃশ ৰূপ ধাৰণ কৰিছে। ফল স্বৰূপে উক্ত পথ ছোৱাৰে পথচাৰীসকলে মৰণক শৰন দি কোনোমতে পথ যোগাযোগ অব্যাহত ৰাখিছে। অঞ্চলটোৰ ভুক্ত ভোগীলোকসকলে পথছোৱা শীঘ্ৰেই মেৰামতিৰ দাবী উত্থাপন কৰিছে বিভাগীয় উৰ্ধতন কৰ্তৃপক্ষৰ ওচৰত।

You might also like