নিয়মীয়া বাৰ্তা, ছিপাঝাৰ, ১২এপ্ৰিলঃ কাইলৈ ৰঙালী বিহু। বিগত দুটা বছৰ ক’ভিডসৃষ্ট পৰিবেশে ৰঙালী বিহুৰ আনন্দ ম্লান কৰাৰ পিছত এইবেলি নতুন উৎসাহেৰে ৰাইজ সাজু হৈছে বিহুক আদৰিবলৈ। বিহুত এপাক নাচিবলৈ বিহুৱা-নাচনী সাজু হোৱাৰ সমান্তৰালকৈ বিহুৱা বিহুৱতীসকলৰ বিহু বাদ্য নিৰ্মাতাসকল ব্যস্ত হৈ পৰিছে। দৰঙৰ ভেৰুৱা গাঁও নিবাসী লোক শিল্পী গজেন্দ্ৰ ডেকাও ব্যস্ত এতিয়া লোকবাদ্য গগনা নিৰ্মাণৰ কামত। বিগত কুৰি বছৰে গজেন্দ্ৰ ডেকাই গগনা নিৰ্মাণ কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিল্পীসকলক যোগান ধৰি আহিছে। গগনা প্ৰস্তুত কৰি লোক কৃষ্টিৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে অসম সাহিত্য সভাই তেওঁক ইতিমধ্যে ‘গগনা মানৱ’ উপাধি প্ৰদান কৰি সন্মানীত কৰিছিল। বিহুকে ধৰি অসমৰ বিভিন্ন লোক শিল্পৰ প্ৰসাৰৰ বাবে নিৰন্তৰ কাম কৰি থকা এই গৰাকী শিল্পীয়ে এইবেলি দুই হাজাৰ গগনা সাজি উলিওৱা বুলি জানিবলৈ দিছে। বিশেষকৈ একোটা লাহৰী গগনা অথবা ৰামধন গগনা এশ টকাৰ পৰা সৰ্বাধিক পাঁচশ টকা পৰ্যন্ত বিক্ৰী কৰি যথেষ্ট উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এনেদৰেই এতিয়া বিহুৰ বাবে ব্যস্ত হৈ পৰিছে শিল্পী সকলো।