ব্ৰহ্মপুত্ৰ ভলীবল প্ৰতিযোগিতাত জামুগুৰিহাটৰ দল শ্ৰেষ্ঠত
নিয়মীয়া বাৰ্তা, ইটাখোলা, ১৩ এপ্ৰিলঃ দুলিয়াজানত অনুষ্ঠিত হোৱা অসমভিত্তিত ব্ৰহ্মপুত্ৰ ভলীবল প্ৰতিযোগিতাত ৰাজ্যখনৰ ভিতৰতে প্ৰথম স্থান লাভ কৰা জামুগুৰিহাটত হাটিঙা ভলীবল দলে জামুগুৰিহাটৰ লগতে সমগ্ৰ শোণিতপুৰ জিলাতে গৌৰৱ কঢ়িয়াই আনিছে। কালি দলটো গৃহ ভূমিত উপস্থিত হোৱাত সকলো উৎফুল্লিত হৈ পৰে আৰু ৰাইজে দলটোক উষ্ম আদৰণী জনায়। লগতে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰা ৰিয়ান বৰা গৃহ ভূমি আহি পোৱাৰ লগে লগেই ঢোল, তালৰ ধ্বনিৰে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়। বিভিন্ন দল-সংগঠনৰ উপৰিও নদুৱাৰ মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ লগতে পূৱ মুঢ়াদল গাওঁ পঞ্চায়তে উষ্ম সম্বৰ্ধনা জনায়। হাটিঙা হাইস্কুল প্ৰাংগনত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ন সভাত নদুৱাৰ মণ্ডলৰ উপ সভাপতি প্ৰদীপ হাজৰিকা, সাধাৰণ সম্পাদক কিশোৰ থাপা, পঞ্চায়তৰ সভানেত্ৰী মেঘালী কলিতা, যুৱমৰ্চা নদুৱাৰৰ উপ সভাপতি ৰূপম শইকীয়া, সমাজ কৰ্মী মৃদুল নাথ, অনিল শইকীয়া আৰু পুলিন যম উপস্থিত থাকে। শ্ৰেষ্ঠ খেলুৱৈ ৰিয়ান বৰাৰ লগতে ভলিবলৰ দলটোৰ দীৰ্ঘাীয়ু কামনা কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে।