নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰাণ পৌৰসভাৰ নৱনিৰ্বাচিত সভাপতি, উপ-সভাপতি আৰু ৱাৰ্ড সদস্যৰ শপত গ্ৰহণ

বিশেষ বাৰ্তা, ১৩ এপ্ৰিল: চৰাইদেউ জিলাৰ মৰাণ পৌৰসভাৰ নৱ-নিৰ্বাচিত ১১ গৰাকী ৱাৰ্ড সদস্য-সদস্যাক অজি আনুষ্ঠানিক ভাৱে শপত বাক্য পাঠ কৰোৱা হয়। মৰাণ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই শপত গ্ৰহণ অনুষ্ঠানত চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই নৱ-নিৰ্বাচিত ৱাৰ্ড সদস্য-সদস্যা সকলৰ দ্বাৰা মনোনীত সভাপতি অৰূপ দত্তক শপত বাক্য পাঠ কৰোৱায়। ইয়াৰ পিছত মৰাণ পৌৰসভাৰ সভাপতি অৰূপ দত্তই উপ-সভাপতি হিচাবে মনোনীত উদয় শংকৰ গগৈ প্ৰমুখ্যে অন্যান্য সদস্য- সদস্যা সকলক শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণ অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, খনি আৰু খনিজ সম্পদ, পাৰ্বত্য এলেকা উন্নয়ন আদি বিভাগৰ মন্ত্ৰী যোগেন মহনে নৱনিৰ্বাচিত পৌৰ সমিতিখনৰ সমূহ সদস্যকে শুভেচ্ছা জ্ঞাপন কৰে আৰু নগৰখনৰ সামগ্ৰিক উন্নয়নৰ বাবে কৰ্তব্যপৰায়নতা, দায়িত্ব সহকাৰে আৰু নতুন উদ্যমেৰে কাম কৰি যাবলৈ আহ্বান জনায়। তেওঁ বিশেষকৈ মৰাণ নগৰৰ বাট-পথৰ উন্নয়ন, খোৱাপানীৰ সমস্যা সমাধান, নলা-নৰ্দমা পৰিস্কাৰকৰণ, জাৱৰ নিষ্কাষণ, সৌন্দৰ্যবৰ্ধন আদিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় যাতে নগৰ খনক ৰাজ্যখনৰ ভিতৰত এখন লেখত ল’বলগীয়া আৰু উন্নত নগৰ হিচাবে প্ৰতিষ্ঠা কৰিব পাৰি। সভাত উদ্দেশ্য ব্যাখ্যা কৰি উপায়ুক্ত পল বৰুৱাই সমূহ নৱ-নিৰ্বাচিত সদস্যকে অভিনন্দন জনোৱাৰ লগতে নগৰখনৰ উন্নয়নৰ বাবে প্ৰশাসনৰ ফালৰ পৰা পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। শপত গ্ৰহণ অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানে। আজিৰ অনুষ্ঠানত মৰাণ পৌৰসভাৰ কাৰ্যবাহী বিষয়া ভাৰতী বড়া, মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ইণ্ডিকা গগৈ, টাই আহোম উন্নয়ন পৰিষদৰ কাৰ্য্যকৰী সভাপতি মন্টু কোঁৱৰ, চৰাইদেউ জিলা পৰিষদৰ সভানত্রী বন্তি কোঁৱৰ, অসম চাহ নিগমৰ অধ্যক্ষ শিৱ ভদ্ৰা, বিশিষ্ট সমাজকৰ্মী লক্ষীনাথ তাছা, বিশিষ্ট সাংবাদিক ত্ৰৈলোক্য চেতিয়াৰ উপৰি ভালেকেইগৰাকী বিশিষ্ট নাগৰিক, পৌৰসভা কাৰ্য্যালয়ৰ কৰ্মাচাৰীবৃন্দ আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

প্ৰেৰক দীপাংকৰ পাল

You might also like