নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কাশ্মীৰ ফাইলছ’ৰ পাছত দিল্লীৰ ফাইল খুলিব অগ্নিহোত্ৰীয়ে

বিশেষ বাৰ্তা, ১৮ এপ্ৰিলঃ ‘কাশ্মীৰ ফাইলছ’ ছবিৰ হৈ চৈ শেষ হোৱাৰ পাছতে ছবিখনৰ পৰিচালক বিবেক অগ্নিহোত্ৰীৰ আন এক ঘোষণা। তেওঁ পৰৱৰ্তি ছবিখন নিৰ্মাণ কৰিব দিল্লীক লৈ। নাম- দিল্লী ফাইলছ। ইয়াত দিল্লীৰ কাহিনী নাথাকে, থাকিব কিদৰে বছৰ বছৰ ধৰি দিল্লীয়ে ধ্বংস কৰি আহিছে ভাৰতখনক তাৰে কথা। চেন্নাইত এই কথা ঘোষণা কৰিছে খোদ পৰিচালকজনে। তেওঁ লগতে জনাইছে যে দিল্লী ফাইলছে খুলিব তামিলনাডুৰ বহু অকথিত কথাও। অগ্নিহোত্ৰীয়ে লগতে কয় যে ইতিহাস সদায় সত্য আৰু তথ্যৰ ওপৰত ভিত্তি কৰি হ’ব লাগে, কিন্তু আমাৰ ইয়াত ইতিহাস বৰ্ণনাভিত্তিকহে। উল্লেখনীয় যে ১৯৯০ চনত কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত সংঘটিত ঘটনাক লৈ বিবেক অগ্নিহোত্ৰীয়ে নিৰ্মাণ কৰা শেহতীয়া ছবিখনে দেশজুৰি চৰ্চা লাভ কৰিছিল। আনকি দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, বিত্তমন্ত্ৰীয়েও ছবিখন চাবলৈ মানুহক অনুৰোধ কৰিছিল।

You might also like