আই পি এলৰ মেচ উপভোগ কৰাৰ হেঁপাহতে সীমান্ত পাৰ হৈ ভাৰতত প্রৱেশ বাংলাদেশী যুৱকৰ
নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ ক্রিকেটৰ প্রতি থকা ভালপোৱাই নামানে কোনো বাধা৷ এই কথা পুনৰ প্রমাণ কৰিলে বাংলাদেশৰ এজন ক্রিকেটবলিয়া যুৱকে৷ ভিছা–পাছপোর্ট অবিহনে সীমান্ত পাৰ হৈ ভাৰতত প্রৱেশ কৰা মহম্মদ ইব্রাহিম নামৰ এই যুৱকজনৰ আশা অৱশ্যে পূৰণ নহ’ল৷ বাংলাদেশৰ নাৰায়ণগঞ্জৰ বাসিন্দা ইব্রাহিমৰ শৈশৱৰ পৰা আছিল ক্রিকেটৰ প্রতি গভীৰ প্রেম৷ সপোন দেখিছিল ষ্টেডিয়ামত বহি আই পি এলৰ মেচ উপভোগ কৰা৷ কিন্তু পাছপোর্ট অথবা ভিছা একোৱেই নাছিল লগত৷ কেৱল জানিব পাৰিছিল যে দালালক টকা দিলে সীমান্তৰ কাঁইটীয়া তাঁৰ পাৰ হৈ ভাৰতত প্রৱেশ কৰিব পাৰি৷ আশা কৰিছিল কোনোমতে ভাৰতত প্রৱেশ কৰিব পাৰিলেই কলকাতা হৈ মুম্বাইলৈ গৈ উপভোগ কৰিব পাৰিব খেল৷ এজন দালালৰ সহায়ত সীমান্ত পাৰ হ’বলৈ সক্ষম হ’লেও অৱশেষত ধৰা পৰে বি এছ এফৰ হাতত৷ বি এছ এফক জনোৱা মতে বাংলাদেশৰ এজন দালালক নিজৰ কষ্টোপার্জিত ৫০০০ টকাও দিছিল তেওঁ৷ এই সম্পর্কে প্রাথমিক অনুসন্ধানৰ পাছত বি এছ এফ নিশ্চিত হয় যে খেল উপভোগ কৰিবলৈকে ভাৰতলৈ আহিছিল ইব্রাহিম৷ সেইবাবে তেওঁক আবদ্ধ কৰি নাৰাখি গতাই দিয়ে বাংলাদেশ বর্ডাৰ গার্ডক৷