গৃহস্থৰ চোতালে চোতালে চিনামৰা মহাবিদ্যালয়ৰ মহিলা কোষৰ জেং বিহু দল
বিশেষ বাৰ্তা, ১৯ এপ্ৰিলঃ কেৱল গতানুগতিক শিক্ষাদান ব্যৱস্থাৰ মাজতেই সীমাবদ্ধ নাথাকি কিছু নতুন আৰু ব্যতিক্ৰমী কামকাজৰ জৰিয়তে ছাত্ৰ ছাত্ৰী আৰু ৰাইজৰ মাজত নতুন চিন্তাৰ উন্মেষ ঘটবালৈ সক্ষম হোৱা চিনামৰা মহাবিদ্যালয়ত এইবাৰ অধ্যাপিকা – ছাত্ৰী একগোট হৈ জেং বিহু গাইছে । যোৰহাট জিলাৰ দক্ষিণ প্ৰান্তত অৱস্থিত চিনামৰা মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত এইবাৰ ব’হাগত গৃহস্থৰ চোতালে চোতালে জেং বিহু জুৰিছে । মহাবিদ্যালয়খনৰ মহিলা কোষৰ সদস্যা সকলৰ লগতে মহাবিদ্যালয়খনৰ ৫০ গৰাকী সংস্কৃতিৱান ছাত্ৰীৰ সহযোগত এই জেং বিহু গোৱা হৈছে । বিদ্যায়তানিকভাৱে অসমৰ সংস্কৃতিক এক মাত্ৰা দিয়াৰ সমান্তৰালভাৱে জনমানসত শিক্ষানুষ্ঠানখনক সুদৃঢ়ভাৱে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যৰেই এই জেং বিহু দলৰ আয়োজন কৰা হৈছে । ইতিমধ্যে গৃহস্থৰ চোতালে চোতালে জাউৰিয়ে জাউৰিয়ে বিহু নাম গোৱাৰ লগতে গৃহস্থক আশীৰ্বাদ দি আহিছে । নামতীৰ বিহু নাম আৰু পঞ্চাশৰো অধিক নাচনীৰ নাচোনত গৃহস্থৰ চোতাল গপগপাই উঠিছে । মহাবিদ্যালয়খনৰ মহিলা কোষৰ সভানেত্ৰী অধ্যাপিকা দীপশিখা দত্ত আৰু যুটীয়া সম্পাদিকা ৰুণু বৰাই এই সন্দৰ্ভত জানিবলৈ দিয়া মতে, এক সাংস্কৃতিক প্ৰকল্প, মহাবিদ্যালয়খনৰ কৰ্মমূখী চিন্তা যেনে বয়ন শিল্প, এম্ব্ৰদাৰী, সৌন্দৰ্য চৰ্চা আদি পাঠ্যক্ৰম সমূহ এই বৰ্ষৰ পৰা কাৰ্য্যকৰী হ’ব । সেয়েহে মহাবিদ্যালয়খনৰ ছাত্ৰী সমাজক এক সংগঠিত ৰূপত অনাৰ উদ্দেশ্যৰেই এই জেং বিহু দলটি গঠন কৰা হৈছে । তাৰ লগতে অসমীয়াৰ পৰম্পৰা ৰক্ষাৰ উদ্দেশ্যৰেও এই জেং বিহু গোৱা বুলিও তেওঁলোকে জানিবলৈ দিয়ে । আনহাতে, ব’হাগ মাহৰ এক বিশেষ দিনত মহাবিদ্যালয় চৌহদত এই জেং বিহু পৰম্পৰা অনুসৰি ‘বিহু উৰুওৱা’ হ’ব আৰু উক্ত কাৰ্য্যসূচীত লোক শিল্পী পিংকুমনি বৰা, যাদৱ বৰা, সঞ্জয় বৰাৰ ওপৰিও কেবাজনো স্থানীয় শিল্পীয়ে অংশগ্ৰহণ কৰিব বুলি তেওঁলোকে লগতে জানিবলৈ দিছে । উল্লেখযোগ্য যে, প্ৰতিষ্ঠাৰ ৩২ বছৰ অতিক্ৰম কৰা শিক্ষানুষ্ঠানখনে বিগত সময়ছোৱাত বহুকেইটা উল্লেখনীয় কাম কৰিবলৈ সক্ষম হৈছে । মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শিক্ষাবিদ আনন্দ শইকীয়া আৰু প্ৰতিষ্ঠাপক সভাপতি দূৰ্লভ চন্দ্ৰ মহন্তৰ সবল নেতৃত্ব আৰু অঞ্চলটোৰ বিদ্যানুৰাগী ৰাইজৰ সহযোগত ইতিমধ্যে ১৪ বাৰকৈ ভাওনা আৰু দুবাৰকৈ অসম ভিত্তিত ভাওনাৰ দৃশ্যাংশ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে । একেদৰে তিনিবাৰকৈ সম্পূৰ্ণ ৰাসলীলা, সদৌ অসম ভিত্তিত মহিলাৰ একাংকিতা নাট প্ৰতিযোগিতা, পাঁচবাৰকৈ অসম ভিত্তিত মহিলাৰ দিহানাম প্ৰতিযোগিতা, ছাত্ৰ একতা সভাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক প্ৰয়াত বিনয় শইকীয়া, প্ৰথম দলৰ স্নাতক লৱ কুমাৰ দত্ত, প্ৰতিষ্ঠাপক সদস্যসকলৰ যোগেদি কেইবাবাৰো ‘বিহু দল ‘ গঠন কৰি শিক্ষানুষ্ঠানখনক নতুন মাত্ৰা প্ৰদান কৰিছিল । মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অঞ্জন শইকীয়াই শিক্ষা গ্ৰহণৰ লগতে ক্ৰীড়া- সাংস্কৃতিক আদি দিশতো ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ প্ৰয়াস কৰাৰ প্ৰাসংগিকতা আছে । তাৰোপৰি এটা পৰিয়ালৰ দৰে ছাত্ৰ ছাত্ৰীসকলক সংগঠিত কৰিব লাগিব । সেই উদ্দেশ্যৰেই এইদৰে মহিলা কোষৰ সদস্যাসকলৰ লগতে ছাত্ৰী সকলে জেং বিহু দল গঠন কৰি বিহু গোৱা কাৰ্যক অধ্যক্ষ ড° শইকীয়াই লগতে শলাগ লয় । এনেবোৰ কাৰ্য্যই ইতিবাচক চিন্তাৰ উন্মেষ ঘটাব বুলিও তেওঁ লগতে আশা প্ৰকাশ কৰে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া