নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাৰ  শ্ৰীশ্ৰীকুজিদেওৰ দেৱালয়ত পাৰ তোলা উৎসৱ উদযাপন: জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সেৱা ল’লে মা গোসাঁনী আৰু মা কামাখ্যাৰ চৰণত

নিয়মীয়া বাৰ্তা, ২০ এপ্রিল : ঐতিহ্যমণ্ডিত বাক্সাৰ শ্ৰীশ্ৰীকুজিদেওৰ দেৱালয়ত কুজিদেওৰ মিলন সংঘৰ উদ্যোগত আজি দিন জোৰা কাৰ্যসূচীৰে ১৭২ সংখ্যক পাৰতোলা উৎসৱ উদযাপন কৰা হয়। এই পৰম্পৰাগত লোক উৎসৱ পাৰ তোলা উৎসৱ উপলক্ষে পুৱা কেজিদেওৰ মিলন সংঘৰ সভাপতি মাধৱ বড়োৱে পতাকা উত্তোলন কৰাৰ পিছত কুজিদেওঁৰ মিলন সংঘৰ উপদেষ্টা সুৰেন বড়ো, কুজিদেওৰ গৰখীয়া সংঘৰ সভাপতি মুৰাৰী দাস আৰু কুজিদেওৰ কল্যাণ সংঘৰ সভাপতি নিৰেন বড়োৱে স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰে। কুজিদেওৰ গৰখীয়া সংঘৰ সম্পাদক বাবুল দাস আৰু কুজিদেওঁৰ কল্যাণ সংঘৰ উপদেষ্টা গোবিন্দ বড়োৱে বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ন কৰাৰ পিছত কুজিদেওঁৰৰ হৰিচন্দ্ৰ বড়োৱে ভাগৱত পাঠ কৰে।  দুপৰীয়া ১২ বজাত মা গোঁসানীৰ দীঘ বাঁহ উত্তোলন কৰাৰ পাছত দক্ষিণ অঞ্চলীৰ নিবাসী অতুল দাসৰ গৃহস্থিত মা কামাখ্যা মন্দিৰৰ পৰা কামাখ্যা গোঁসাই আনিবলৈ এটি সজাতি দল প্ৰেৰণ কৰা হয়। আবেলি প্ৰায় দুই বজাত কামাখ্যাৰ দীঘল গোঁসাই বাঁহ ডাল দৌৰোৱাই আনি শ্ৰীশ্ৰীকুজিদেওঁৰ দেৱালয় প্ৰাংগণত উত্তোলন কৰা হয়। সমগ্র চাপাগুৰি আৰু ককলাবাৰী মৌজাৰ লোকসকলে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে পাৰতোলা উৎসৱলৈ আহি বছৰ টি অপায় অমংগলৰ পৰা ৰোধ কৰি ভালে কুশলে পাৰ কৰাৰ বাবে মা গোঁসানী আৰু মা কামাখ্যাৰ চৰণত সেৱা লয়। আবেলি প্ৰায় ৫ বজাত মা গোসাঁনী আৰু মা কামাখ্যাৰ দীঘল বাঁহ দুডাল নমাই এডাল গোসাঁই বাঁহত ৪০/৫০ গৰাকী ডেকা ভক্তই ধৰি দৌৰোৱাই দৰ্শকক এক অনাবিল আনন্দ দি যায়। ইয়াৰ পিছত মা কামাখ্যা গোসাঁইক কিছু আগ বঢোৱাই দি মা গোসাঁনীৰ দীঘল বাঁহডাল মন্দিৰত প্ৰবেশ কৰোৱাই বান্ধি থোৱা হয়। উল্লেখ্য যে এইবাৰ পাৰতোলা উৎসৱত মহিলা ভক্তসকলৰ যথেষ্ট সমাগম হোৱা পৰিলক্ষিত হয় ।

প্ৰেৰক দিগন্ত দাস

You might also like