নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পহুমাৰা নৈত কিশোৰৰ সলিল সমাধি, দুজনক জীৱন্তে উদ্ধাৰ সাহসী লক্ষীৰ

বজালী জিলাৰ ভৌকামাৰী অঞ্চলত আজি দুপৰীয়া সংঘটিত এক শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। পহুমাৰা নৈত গা ধুবলৈ নামি এগৰাকী কিশোৰৰ সলিল সমাধি ঘটাৰ বিপৰীতে আন দুজন যুৱক-কিশোৰক জীৱন্তে উদ্ধাৰ কৰা হয়।

জানিব পৰা মতে, ভৌকামাৰী গাঁৱৰ কাষেৰে বৈ যোৱা পহুমাৰা নৈত আজি দুপৰীয়া প্ৰায় ১.৩০ বজাত নিতুল তালুকদাৰ (২৩), কিংকণ কাকতি (১৮) আৰু অবিনাশ ৰাজবংশী (১৬) নামৰ তিনিগৰাকী যুৱক-কিশোৰে গা ধুবলৈ নামিছিল।

গা ধোৱাৰ সময়তে নৈখনৰ প্ৰবল সোঁতত তিনিওজন বিপদত পৰে আৰু পানীৰ সোঁতে উটুৱাই নিব ধৰে। এই সংকটজনক মুহূৰ্তত ওচৰতে উপস্থিত থকা এগৰাকী সাহসী যুৱতীয়ে তৎপৰতাৰে নৈত জঁপিয়াই পৰি নিতুল তালুকদাৰ আৰু কিংকণ কাকতিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

কিন্তু অবিনাশ ৰাজবংশীক উদ্ধাৰ কৰিব নোৱাৰাত তেওঁ নৈৰ পানীত সন্ধানহীন হৈ পৰে। ইপিনে ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে পাঠশালা আৰক্ষী আৰু এচ ডি আৰ এফৰ (SDRF) এটা দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

কিছু সময় ধৰি চলোৱা ব্যাপক অনুসন্ধানৰ অন্তত এচ ডি আৰ এফৰ দলে নৈখনৰ পৰা দুৰ্ভাগ্যজনকভাৱে অবিনাশ ৰাজবংশীৰ নিথৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই মর্মান্তিক ঘটনাই ভৌকামাৰী অঞ্চলৰ লগতে সমগ্ৰ বজালী জিলাত গভীৰ শোকৰ সৃষ্টি কৰিছে।

সাহসিকতাৰ অনন্য নিদৰ্শন, লক্ষী দাসে বচালে দুগৰাকী যুৱকৰ জীৱন
বজালী জিলাৰ ভৌকামাৰীত পহুমাৰা নৈত আজি সংঘটিত এই শোকাৱহ ঘটনাৰ মাজতো এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ অসাধাৰণ সাহসিকতা আৰু মানৱীয়তাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

নিজৰ জীৱনৰ বিপদৰ কথা নাভাবি পানীত জঁপিয়াই পৰি দুগৰাকী যুৱকৰ জীৱন ৰক্ষা কৰি প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে লক্ষী দাস নামৰ ছাত্ৰীগৰাকী। নিতুল তালুকদাৰ, কিংকণ কাকতি আৰু অবিনাশ ৰাজবংশীয়ে গা ধুই থকা অৱস্থাত হঠাতে নৈৰ প্ৰবল সোঁতত তিনিওজন উটি যাবলৈ ধৰে।

বিপদত পৰি তেওঁলোকে সহায়ৰ বাবে চিঞৰ-বাখৰ কৰিলেও সেই সময়ত উপস্থিত লোকসকলৰ মাজৰ পৰা কোনোবাই তৎক্ষণাৎ উদ্ধাৰৰ বাবে আগবাঢ়ি অহা নাছিল। এনেতে সংকটময় মুহূৰ্তত ভৌকামাৰীৰ দশম শ্ৰেণীৰ ছাত্ৰী লক্ষী দাসে অসীম সাহসিকতাৰ পৰিচয় দিয়ে।

কোনো ধৰণৰ দ্বিধা নকৰি তেওঁ নৈত নামি পৰি তৎপৰতাৰে নিতুল তালুকদাৰ আৰু কিংকণ কাকতিক উদ্ধাৰ কৰি নিৰাপদে পাৰলৈ আনিবলৈ সক্ষম হয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে তৃতীয়জন যুৱক অবিনাশ ৰাজবংশীক উদ্ধাৰ কৰিব নোৱাৰাত তেওঁ নৈৰ প্ৰবল সোঁতত উটি যায়।

পিছত তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলায়। ইয়াৰ মাজতে লক্ষী দাসৰ সাহসিকতা, উপস্থিত বুদ্ধি আৰু মানৱীয় দায়িত্ববোধৰ বাবে দুটা মূল্যৱান জীৱন ৰক্ষা পোৱাত স্থানীয় ৰাইজে ছাত্ৰীগৰাকীৰ ভূয়সী প্ৰশংসা কৰিছে। বহুতে তেওঁৰ এই অনুকৰণীয় পদক্ষেপৰ বাবে চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষক উপযুক্ত স্বীকৃতি আৰু সন্মান প্ৰদানৰ দাবী জনাইছে।

লক্ষী দাসৰ এই সাহসিকতাপূৰ্ণ কাৰ্যই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে বয়স নহয়, সাহস, মানৱীয়তা আৰু দায়িত্ববোধেই এজন ব্যক্তিক মহান কৰি তোলে। তেওঁৰ এই ব্যতিক্ৰমী পদক্ষেপ অঞ্চলটোৰ যুৱ সমাজৰ বাবে এক উজ্জ্বল দৃষ্টান্ত হিচাপে পৰিগণিত হৈছে।

নিয়মীয়া বাৰ্তা, পাঠশালা, ২ জুন

You might also like