নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেবেজীয়াৰ শংকৰ-মাধৱ চিত্ৰকলা বিদ্যালয়ৰ মুকলি বিহুঃ যৌৱনোদ্দীপ্ত ডেকা-গাভৰুৰ ঘৰ বন্ধা সময় কিজানি বহাগেইঃ সাংবাদিক প্ৰাঞ্জল বৰদলৈ

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ ৰঙালীৰ আনন্দ-উল্লাসৰ মাজতে নগাঁও জিলাৰ বেবেজীয়াস্থিত শংকৰ মাধৱ চিত্ৰকলা বিদ্যালয়ে ১৭ এপ্ৰিলত ৰং আৰু মুকলি বিহুৰ লগতে হুঁচৰিৰ এটি আকৰ্ষণীয় আৰু গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰে। অনুষ্ঠানটিত অংশ গ্ৰহণ কৰি কোনো-কোনোৱে যদি আঁকিলে ‘বকুল তলৰ বিহু’ আন কোনোবাই আঁকিলে ‘গৰু বিহু’ ৷ আনহাতে কোনোবাই আকৌ আঁকিলে ‘বিহুৰ বাদ্য যন্ত্ৰ ৷’ বেবেজীয়াৰ শংকৰ-মাধৱ চিত্ৰকলা বিদ্যালয়ৰ সৌজন্যত বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত আনুষ্ঠানিকভাৱে আয়োজন কৰা হয় ‘ৰঙালী বিহু’। এই উপলক্ষে পুৱা শ্ৰেণী ভিত্তিত এখনি মুকলি চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় ৷ উক্ত প্ৰতিযোগিতাত বেবেজীয়াৰ দাঁতিকাষৰীয়া বৰক’লা চিত্ৰকলা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত মুঠতে দুই শতাধিক প্ৰতিযোগীয়ে যোগদান কৰে। ইয়াৰ পাছতে ৰূপজ্যোতি বিহুদল, সৰাগাঁৱৰ বিহুৱা-বিহুৱতী শিল্পীবৃন্দৰ দ্বাৰা মুকলি বিহু অনুষ্ঠানটি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। নিমন্ত্ৰিত ৰূপজ্যোতি বিহুদলটিৰ মনপৰশা বিহু নৃত্যানুষ্ঠানৰ পৰৱৰ্তী সময়ত বিদ্যালয়ৰ ছাত্ৰ ৰক্তিম বৰকটকী আৰু প্ৰদ্যুৎ ৰঞ্জন দাসৰ নেতৃত্বত দুটাকৈ হুঁচৰি পৰিৱেশন কৰা হয়। শংকৰ মাধৱ চিত্ৰকলা বিদ্যালয়ৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱাৰ সামগ্ৰিক পৰিচালনাত অনুষ্ঠিত অনুষ্ঠানটোত বেবেজীয়াকে ধৰি জামুগুৰি, ডিমৌ, বৰহোলা, খাটগুৰি, মাহৰিআটি,ঘাঁহী, ৰঙাচিলা, বিৰহবেবেজীয়া, টোকোলাই বেবেজীয়া, কুৰুৱাবাহী, গেদাৰবড়ী আদি ভিন্ন প্ৰান্তৰৰপৰা বিহুপ্ৰেমী দৰ্শকৰ স্বতঃস্ফূৰ্ত উপস্থিতিয়ে আগবেলাৰ প্ৰখৰ ৰ’দকো প্ৰতিহত কৰি বিহুৰ ৰং-আনন্দত একাত্ম হৈ পৰা দৃশ্য আছিল অভিনৱ ৷ বিদ্যালয়ৰ সহকাৰী শিক্ষকদ্বয় চিত্তৰঞ্জন নাথ আৰু ৰিচিকা হাজৰিকাৰ পৰিচালনাত অনুষ্ঠিত মুকলি বিহুৰ অনুষ্ঠানটিত তেওঁলোকে নিয়মীয়া বাৰ্তা কাকতৰ বেবেজীয়াৰ সাংবাদিক প্ৰাঞ্জল বৰদলৈ আৰু আকাশবাণী নগাঁও কেন্দ্ৰৰ সাংবাদিক কিৰণ চন্দ্ৰ নাথক একোখনিকৈ বিহুৱান আৰু গ্ৰন্থৰে বিহুৰ শুভেচ্ছা আৰু আদৰণি জনায়। অনুষ্ঠানটিত আদৰণি গ্ৰহণ কৰি আগবঢ়োৱা শ্ৰুতিমধুৰ ভাষণত সাংবাদিক বৰদলৈয়ে বিনন্দীয়া বহাগে মানুহৰ মনত সৃষ্টি কৰা বাসনাই মানুহক সঞ্জীৱনী শক্তি দান কৰাৰ লগতে যৌৱনোদ্দীপ্ত ডেকা-গাভৰুক ঘৰ বান্ধিবলৈ বহাগেই কিজানি উৎসাহ যোগায় বুলি উল্লেখ কৰে ৷ আনহাতে আনগৰাকী জ্যেষ্ঠ সাংবাদিক নাথে বহাগৰ বিহুটিয়ে আমাক সদায়ে মৰমৰ দোলেৰে বান্ধি ৰাখিছে বুলি দোহাৰে ৷ চিত্ৰকলা বিদ্যালয়ৰ সমূহ শিক্ষক- শিক্ষয়িত্ৰী তথা অভিভাৱক অভিভাৱিকা আৰু ডিপ্লমা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলোৱে বিহু অনুষ্ঠানটি উদ্‌যাপনৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ অন্তত ডিপ্লমা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ হুঁচৰিৰে অনুষ্ঠানটিৰ সফল সমাপ্তি ঘটোৱা হয় ।

প্ৰেৰক প্ৰাঞ্জল বৰদলৈ

You might also like