চকুলো টুকি টুকি ল’লে বিদায়ঃ ঝাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক ভূমিধৰ চহৰীয়াক বিদায় সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিল: ওদালগুৰি জিলাৰ ঝাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক ভূমিধৰ চহৰীয়াক আজি আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয় । ঝাৰগাঁও অঞ্চলৰ বিশিষ্ট সমাজ কৰ্মী বিষ্ণু ডেকাৰ সভাপতিত্বত বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাত বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী গোট, বিদ্যালয় পৰিচালনা সমিতি, ছাত্ৰ একতা সভাৰ লগতে ঝাৰগাঁও আঞ্চলিক প্ৰগতি সংঘ ,ঝাৰগাঁও আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থা , প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষা গুৰু ন্যাসকে ধৰি অঞ্চলটোৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে সদ্য অৱসৰী কৃতী শিক্ষকগৰাকীক সম্বৰ্ধনা পত্ৰ ,ফুলাম গামোচা ,জাপি ,শৰাই, ছাতি , কিতাপৰ টোপোলা ,কলম, অংগ বস্ত্ৰ ইত্যাদিৰে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে । বিদ্যালয় খনৰ শিক্ষক- কৰ্মচাৰী ,ছাত্ৰ-ছাত্ৰী আৰু অঞ্চলটোৰ ৰাইজে স্নেহ-শ্ৰদ্ধাৰে ওপচাই দিয়ে বিদায়ী শিক্ষকগৰাকীক । ১৯৮৪ চনত বিদ্যালয় খনত যোগ দান কৰি ২০২২ৰ ৩১ মাৰ্চত কৰ্মজীৱনৰ পৰা অৱসৰ লোৱা কৃতী শিক্ষক ভুমিধৰ চহৰীয়াই সম্বৰ্ধনা গ্ৰহণ কৰি ৩৮ বছৰীয়া কৰ্মজীৱনৰ স্মৃতি সুঁৱৰি আবেগিক হৈ পৰে । তেওঁক লৈ অনুষ্ঠিত সভাত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি আৰু জনসমাগম দেখি অভিভূত হৈ পৰা বুলি উল্লেখ কৰে চহৰীয়াই । নাতিদীৰ্ঘ ভাষণত তেওঁ অঞ্চলটোৰ ৰাইজৰ মৰম-চেনেহ কেতিয়াও পাহৰিব নোৱাৰোঁ বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰী সকলক সদায়ে এজন সুনাগৰিক ৰূপে সমাজত প্ৰতিষ্ঠিত হোৱাৰ লক্ষ্যৰে অধ্যয়নত ব্ৰতী হৈ আগুৱাই যাবলৈ পৰামৰ্শ আগবঢ়ায় । গীতে-মাতে -কথাই জীপাল হৈ পৰা গাম্ভীৰ্য পূৰ্ণ সভা খনত খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ খগেন্দ্ৰ বসুমতাৰী, শিক্ষক বৰেন্দ্ৰ বৈশ্য, ঝাৰগাঁও অঞ্চলৰ বিশিষ্ট নাগৰিক ক্ষীৰ মোহন চৌহান, পতি ৰাম ডেকা , ৰত্নেশ্বৰ ডেকা, হেম ভট্ট , শিৱপ্ৰসাদ চৌধুৰী, গণেশ শৰণীয়া, কিৰণ শইকীয়া, দামোদৰ ডেকা, সুৰেন্দ্ৰ মোহন ৰাভা, ৰাজীব শৰ্মাকে ধৰি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । সভাৰ অন্তত অৱসৰী কৃতী শিক্ষক গৰাকীক বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে জনগোষ্ঠীয় কৃষ্টি আৰু বেণ্ডপাৰ্টীৰে সমদল কৰি নিজ ঘৰলৈ সসন্মানে আগবঢ়াই থৈ আহে । আজি বিদায় পৰত কৃতী শিক্ষক ভূমিধৰ চহৰীয়াই বিদ্যালয়খনক সেৱা জনাই চকলো টুকি টুকি শুভাকাংক্ষী ৰাইজৰ সৈতে ঘৰ অভিমুখে খোজ লোৱাৰ দৃশ্য আছিল হৃদয় বিদাৰক ।
প্ৰেৰক ধীৰেন মহলীয়া